অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

য়ে মেৰে ৱতন কে লোগো

য়ে মেৰে ৱতন কে লোগো (Aye Mere Watan Ke Logo; “O' people of my country”) হৈছে কবি প্ৰদীপৰ দ্বাৰা ৰচিত, চি. ৰামচন্দ্ৰই সুৰ আৰোপ কৰা আৰু নেপথ্য কণ্ঠশিল্পী লতা মংগেশকাৰে কণ্ঠদান কৰা এটা হিন্দী ভাষাৰ দেশপ্ৰেমমূলক গীত। গীতটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত শ্বহীদ হোৱা প্ৰতিজন ভাৰতীয় সৈনিকৰ স্মৃতিত ৰচিত।

হালনাগাদ: ১০ আগষ্ট ২০২২ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

য়ে মেৰে ৱতন কে লোগো (Aye Mere Watan Ke Logo; “O' people of my country”) হৈছে কবি প্ৰদীপৰ দ্বাৰা ৰচিত, চি. ৰামচন্দ্ৰই সুৰ আৰোপ কৰা আৰু নেপথ্য কণ্ঠশিল্পী লতা মংগেশকাৰে কণ্ঠদান কৰা এটা হিন্দী ভাষাৰ দেশপ্ৰেমমূলক গীত। গীতটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত শ্বহীদ হোৱা প্ৰতিজন ভাৰতীয় সৈনিকৰ স্মৃতিত ৰচিত।

যুদ্ধৰ দুমাহ পিছত ১৯৬৩ চনৰ গণৰাজ্য দিৱসত (২৬ জানুৱাৰী) প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰে গীতটি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰাষ্ট্ৰপতি সৰ্ব্বপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিতিত লাইভ পৰিবেশন কৰে।

ভাৰতৰ ৰাজহুৱা অনুষ্ঠান আৰু সমাৱেশত সততে পৰিবেশন কৰা “জন গণ মন” (ৰাষ্ট্ৰীয় সংগীত), “বন্দে মাতৰম্‌” (ৰাষ্ট্ৰীয় গীত), “সাৰে জহা সে অচ্ছা” আদিৰ সমান্তৰালকৈ এই গীতটোকো অন্যতম দেশপ্ৰেমমূলক গীত বুলি গণ্য কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ Patriotic song 'Ae Mere Watan Ke Logon' turns 50. NDTV.com

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ে মেৰে ৱতন কে লোগো” প্ৰবন্ধৰ সংশোধন ৩৩০২৬৭ (১০ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।