লালকিল্লাৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় বৰ্তমানৰ উত্তৰ ভাৰতৰ পুৰণি দিল্লীৰ লালকিল্লাৰ মুমতাজ মহলত অৱস্থিত। সংগ্ৰহালয়টোত মোগল যুগৰ চিত্ৰ, শিল্পকৰ্ম, কেলিগ্ৰাফী, কাপোৰ আৰু অন্যান্য বস্তু সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা আছে।
ইতিহাস
মূলতঃ পেলেচ মিউজিয়াম নামেৰে জনাজাত এই মিউজিয়াম ১৯১১ চনলৈকে১ নৌৱত খানাত অৱস্থিত আছিল। পিছলৈ ইয়াক মুমতাজ মহললৈ স্থানান্তৰ কৰা হয়,২ প্ৰথমে ব্ৰিটিছ সৈন্যই মেচ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এই সংগ্ৰহালয়টো ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ তত্ত্বাৱধানত আছে।
১৭৪৭ চনত নাদিৰ শ্বাহৰ ভাৰত আক্ৰমণৰ সময়ত আৰু পুনৰ ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় বিদ্ৰোহৰ ব্যৰ্থ হোৱাৰ পিছত লালকিল্লাৰ মোগলৰ অধিকাংশ সামগ্ৰী আৰু ৰত্ন লুণ্ঠন আৰু চুৰি হৈছিল। অৱশেষত ব্যক্তিগত সংগ্ৰাহক বা ব্ৰিটিছ মিউজিয়াম, ব্ৰিটিছ লাইব্ৰেৰী আৰু ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামক বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে, কহিনুৰ হীৰা, শ্বাহজাহানৰ সুৰাৰ পিয়লা আৰু দ্বিতীয় বাহাদুৰ শ্বাহৰ মুকুট এই সকলোবোৰ বৰ্তমান লণ্ডনত অৱস্থিত। এইসমূহ সামগ্ৰী পুনৰুদ্ধাৰৰ বাবে কৰা বিভিন্ন আবেদন নিবেদন ব্ৰিটিছ চৰকাৰে নাকচ কৰি আহিছে।৩ গতিকে সংগ্ৰহালয়টোৱে মোগলৰ সম্পত্তি আৰু ঐতিহ্যৰ অতি কম অংশহে দেখুৱাব পৰা হৈ আছে।৪
তথ্যসূত্ৰ
- ↑ Smith, R.V. (2011-08-29). Of Mumtaz, a mahal and a museum. দ্য হিন্দু
- ↑ Murray, John. (1911). A handbook for travellers in India, Burma, and Ceylon. Thacker, Spink, & Co. পৃ. 198. ISBN 978-1175486417
- ↑ Nelson, Sara C. (21 February 2013). Koh-i-Noor Diamond Will Not Be Returned To India, David Cameron Insists. The Huffington Post
- ↑ (2011). Mumtaz Mahal Museum, Red Fort. Archaeological Survey of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালকিল্লা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬৪০২০৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।