মোহন ভাইৰা বঁটা (Mohan Bhaira Memorial Award) সদৌ অসম ছাত্ৰ সন্থাৰ নালবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভায়ে প্ৰদান কৰা বাৰ্ষিক বঁটা।১২ সংগীত নাটক একাডেমী বঁটা বিজয়ী ভাওনা শিল্পী মোহন চন্দ্ৰ বৰ্মন, জনপ্ৰিয় ভাবে মোহন ভাৱৰীয়া বা মোহন ভাইৰাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয়। মোহন ভাইৰাৰ নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে। ইয়াক লোককলাত অসামান্য অৱদানৰ বাবে আৰু গ্ৰাম্য অঞ্চলৰ লোক শিল্পীসকলৰ বাবে বিশেষভাৱে সংৰক্ষিত ৰাখি প্ৰদান কৰা হয়।৩৪
মোহন ভাইৰা বঁটা ২০০৯ চনত আৰম্ভ কৰা হৈছিল। পূৰ্ণপ্ৰভা দত্ত তামোলী প্ৰথম এই বঁটাপ্ৰাপ্ত ব্যক্তি। ২০২১ চনত এই বঁটা লাভ কৰা বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰ অন্তিম বঁটা প্ৰাপক। নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ প্ৰতিবাদ আৰু ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০১৯ আৰু ২০২০ চনত এই বঁটা ঘোষণা কৰা হোৱা নাছিল।১
এই বঁটাত নগদ ১০,০০০ টকা, এখন চেলেং চাদৰ, জাপি আৰু অসমৰ গামোচা প্ৰদান কৰা হয়।১৫
বঁটাপ্ৰাপকৰ তালিকা
| ক্ৰমিক নং | নাম | বৰ্ষ | উৎস |
|---|---|---|---|
| ১ | পূৰ্ণপ্ৰভা দত্ত তামোলী | ২০০৯ | ১ |
| ২ | সীতাৰাম ৰায় | ২০১০ | ১ |
| ৩ | মুক্তাৰাম বৰুৱা ওজা | ২০১১ | ১ |
| ৪ | মাণিক শইকীয়া ওজা | ২০১২ | ১ |
| ৫ | ৰোহীন ৰাভা | ২০১৩ | ১ |
| ৬ | দ্বিজেন গগৈ | ২০১৪ | ১ |
| ৭ | প্ৰভাত শৰ্মা | ২০১৫ | ১ |
| ৮ | হৰি বৰবায়ন | ২০১৬ | ১৫ |
| ৯ | ৰামচৰণ ভঁৰালী | ২০১৭ | ১ |
| ১০ | লোকনাথ কুটুম | ২০১৮ | ১৬ |
| ১১ | হৰেকৃষ্ণ তালুকদাৰ | ২০২১ | ১৩৪ |
তথ্যসূত্ৰ
- ↑ Mohan Bhaira Memorial Award, 2011 presented to Harekrishna Talukdar. The Assam Tribune
- ↑ নলবাৰীত ২০২১বৰ্ষৰ ‘মোহন ভাইৰা বঁটা’ প্ৰদান অনুষ্ঠান. Prag News
- ↑ বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰলৈ মোহন ভাইৰা বঁটা. দৈনিক জনমভূমি
- ↑ 2021 বৰ্ষৰ মোহন ভাইৰা বঁটা ঘোষণা নলবাৰী জিলা ছাত্ৰ সন্থাৰ. ETV Bharat
- ↑ Mohan Bhaira award presented to Hari Bara Barbayan. The Sentinel
- ↑ লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱঃ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য. Northeast Now (Assamese)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহন ভাইৰা বঁটা” প্ৰবন্ধৰ সংশোধন ৫২৩১০৫ (১০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।