অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰাক (প্ৰসাধন সামগ্ৰী)

বৰাক বা বুৰাক (Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।

হালনাগাদ: ২১ জুন ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বৰাক বা বুৰাক১ (Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইন, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।

সাগৰীয় গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ তীক্ষ্ণ ৰ’দৰ পৰা মুখমণ্ডল আৰু ছালৰ উন্মুক্ত অংশ ৰক্ষা কৰিবলৈ সামা-বাজাউ মহিলাসকলে বৰাক ব্যৱহাৰ কৰে।২ ইয়াত টেলকম পাউদাৰ, চাউলৰ গুড়ি, হালধি আৰু অন্যান্য উপাদান থাকিব পাৰে।৩

শুকান অৱস্থাত বৰাক গুড়ি ৰূপত থাকে। গুড়িখিনি মুখত লগোৱাৰ আগতে প্ৰথমে পানীত তিয়াই পেষ্ট তৈয়াৰ কৰা হয়।৩ পেষ্ট হালধীয়া ৰঙৰ হ’ব পাৰে বা কেতিয়াবা বগাও হ’ব পাৰে।

একেধৰণৰ পেষ্ট

ম্যানমাৰত গছৰ বাকলি পিহি লোৱা হালধীয়া বগা ৰঙৰ প্ৰসাধন পেষ্ট থানাকা পৰম্পৰাগতভাৱে ৰ’দৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। মাদাগাস্কাৰত মেছনজোয়ানি নামৰ কাঠৰ পেষ্ট সজোৱাৰ লগতে ৰ’দৰ পৰা ৰক্ষা পোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Burak and Beautiful Women of Tawi-Tawi. My Mindanao | Mindanao Travels and Photography by Nanardx
  2. ↑ Tilmantaite, Berta. (20 March 2014). In Pictures: Nomads of the sea. Al Jazeera
  3. ↑ (2013-02-11). Yakan - borak. SILP – Interactive Previously Published Resources
  4. ↑ Mesa, Camillo La; Ranalison, Oliarinony; Randriantseheno, Lovasoa N. (2021). Natural Products from Madagascar, Socio-Cultural Usage, and Potential Applications in Advanced Biomedicine: A Concise Review. Molecules. পৃ. 4507

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্যতত্বসংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাক (প্ৰসাধন সামগ্ৰী)” প্ৰবন্ধৰ সংশোধন ৫১৯৮৭৫ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।