সত্যবান সাবিত্ৰী (ইংৰাজী: Satyavan Savithri) ১৯৭৭ চনত মুক্তি পোৱা মালয়ালম ভাষাৰ এখন ভাৰতীয় ছবি৷ পি. জি. বিশ্বম্বৰমে পৰিচালনা কৰা এই ছবিখনৰ মুখ্য ভূমিকাত কমল হাছান আৰু শ্ৰীদেৱীয়ে অভিনয় কৰিছিল৷১২৩৪ ছবিখন একে নামেৰে তামিল ভাষাত আৰু সত্যবানথুডু (Sathyavanthudu) নামেৰে তেলুগু ভাষালৈ ডাব কৰা হৈছিল।৫
পটভূমি
ছবিখনৰ কাহিনী কিংবদন্তিৰ চৰিত্ৰ সাবিত্ৰী আৰু সত্যবানৰ ওপৰত আধাৰিত৷ যুধিষ্ঠিৰৰ প্ৰশ্নত মাৰ্কণ্ডেয়ে কোৱাৰ দৰে দ্ৰৌপদীৰ ভক্তিৰ সৈতে সাবিত্ৰীৰ ভক্তিৰ সাদৃশ্য আছিল। মহাকাব্য মহাভাৰতৰ পৰাই ছবিখনৰ কাহিনীভাগ লোৱা হৈছে।
অভিনয় শিল্পীসকল
ছবিখনত সত্যবানৰ চৰিত্ৰত কমল হাছান, সাবিত্ৰীৰ চৰিত্ৰত শ্ৰীদেৱী আৰু অৰুন্ধতী দেৱীৰ চৰিত্ৰত কবিয়ুৰ পোন্নাম্মাই অভিনয় কৰিছিল৷ অন্য অভিনয় শিল্পীসকল হৈছে জোচ প্ৰকাশ, শংকৰড়ী, আদূৰ ভাছি, থিক্কুৰিছি সুকুমাৰন নাইৰ, শ্ৰীলতা নাম্বুতিৰি, পট্টম সদন, পি কে আব্ৰাহাম, মানৱালন জোচেফ, টি পি মাধৱন, কাদুভাক্কুলাম এণ্টনি, আৰণমুলা পোন্নাম্মা, বেবী সুমতী আদি৷
তথ্যসূত্ৰ
- ↑ (26 February 2018). Unforgettable coy village belle of '70s Mollywood. The New Indian Express
- ↑ Sathyavaan Savithri-Movie Details. malayalachalachithram.com
- ↑ Satyavan Savithri. malayalasangeetham.info
- ↑ Film Satyavan Savithri LP Records. musicalaya
- ↑ (7 July 2018). SATHYAVANTHUDU. v9 videos
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যবান সাবিত্ৰী (১৯৭৭ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৫৮৯৯ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।