মুক্তি হৈছে ১৯৯৭১ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।২ ১৯৯৭ চনৰ ১৭ নৱেম্বৰত অডিঅ' কেছেটত আৰু ১৯৯৮ চনৰ ৮ জানুৱাৰীত অডিঅ' চিডিত অসমীয়াৰ প্ৰথম অডিঅ' চিডি ফৰ্মেটত মুক্তি পাইছিল। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথাও জুবিন গাৰ্গৰ। গীতসমূহত কন্ঠদান কৰে জুবিন আৰু জংকী বৰঠাকুৰে। এইখন তেওঁলোকৰ প্ৰথম সহোদৰ এলবাম আৰু তেওঁলোকে বলীউডৰ সহোদৰ গায়ক নাজিয়া-জোহেব আৰু চান-সাগৰিকাৰ পৰা প্ৰেৰণা লাভ কৰিছিল। লগতে দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত আৰু বৈকুণ্ঠ নাথ গগৈয়ে সুৰ দিয়া আৰু গোৱা 'ফুল ফুলক' শীৰ্ষক গীতটি জুবিনে নতুনকৈ গাইছে।৩ এলবামটিৰ দুটিমান গীতত দেশপ্ৰেমৰ সোৱাদ পোৱা যায়।৪ জুবিনৰ সংগীত পৰিচালনাৰ আনবিলাক এলবামৰ দৰে মুক্তিকো শ্ৰোতা ৰাইজে ভালদৰে আদৰি লৈছিল।১
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। 'ফুল ফুলক' গীতটিৰ সুৰকাৰ বৈকুণ্ঠ নাথ গগৈ, বাকীকেইটাৰ সুৰ জুবিনৰ।৩-
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Mukti. Future Sounds
- ↑ Zubeen Garg. Net Library
- ↑ Mukti. Music India Online
- ↑ Zubeen Garg. Online Sivasagar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্তি (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৬০৪৬৯৩ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।