সংগীতানুষ্ঠান (Concert) হৈছে দৰ্শকৰ সন্মুখত সংগীতৰ পোনপটীয়া পৰিৱেশন।১পৰিৱেশন কোনো এজন সংগীতজ্ঞ বা সংগীতৰ দল যেনে-অৰ্কেষ্ট্ৰা বা বেণ্ডৰ দ্বাৰা পৰিবেশন কৰা হ'ব পাৰে। ব্যক্তিগত ঘৰ আৰু সৰু-সৰু নৈশক্লাব, নিবেদিত কনচাৰ্ট হল, এম্ফিথিয়েটাৰ আৰু উদ্যানৰ পৰা আৰম্ভ কৰি বৃহৎ বহুমুখী অট্টালিকা, যেনে-এৰিনা আৰু ষ্টেডিয়ামলৈকে সংগীতানুষ্ঠান অনুষ্ঠিত হয়। বৃহৎ স্থানত অনুষ্ঠিত হোৱা অভ্যন্তৰীণ সংগীতানুষ্ঠানক কেতিয়াবা এৰিনা কনচাৰ্ট বা এম্ফিথিয়েটাৰ কনচাৰ্ট বুলিও কোৱা হয়। সংগীতানুষ্ঠানৰ বাবে অনানুষ্ঠানিক নামসমূহৰ ভিতৰত শ্ব’ আৰু গিগ আদি অন্তৰ্ভুক্ত।
তথ্যসূত্ৰ
- ↑ Bennett, Michael Y. (14 July 2017). Analytic Philosophy and the World of the Play. Routledge. পৃ. 88. ISBN 978-1138239920
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতানুষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪৫৬৭০৭ (২১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।