অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

যখিনী (চুটি ছবি)

যখিনী (Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।

হালনাগাদ: ১৭ মে’ ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

যখিনী (Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।১২৩

পটভূমি

প্ৰেমিক মহাৰ্ণৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ২৭ বছৰীয়া মলয়া কাহিনীটোৰ মূল চৰিত্ৰ। তাই গৰ্ভৱতী তথা সিহঁতৰ প্ৰথম সন্তানক জন্ম দিবলৈ ওলাইছে। গৰ্ভাৱস্থাৰ সমগ্ৰ যাত্ৰাত তাইক প্ৰায়ে নিসংগতাৰ ওৰণিখনত থাকিবলৈ দিয়া হয়। আৰু, সেই সময়তে তাই প্ৰায়ে বিৰক্তিকৰ চিন্তা আৰু ভ্ৰমৰ সন্মুখীন হয়।১৪

দুটা কিংবদন্তি যখিনী আৰু দানৱৰ মাজত যুগ যুগ ধৰি চলি অহা শত্ৰুতা পৰবৰ্তী সময়ত পোহৰলৈ আহে আৰু তাৰ পিছত হোৱা অলৌকিক প্ৰতিক্ৰিয়াসমূহ দেখুওৱা হৈছে।৫৬

কলা-কুশলী

  • বেদব্ৰত বৰা - মহাৰ্ণৱ
  • জ্যোতিশ্ৰী আৰ ইউ বৈশ্য - মলয়া
  • দীক্ষিতা ৰাজবংশী
  • পপি কলিতা
  • হেমা কুমাৰী কলিতা

তথ্যসূত্ৰ

  1. ↑ Jokhini - 2022 (IMDb). IMDb
  2. ↑ যখিনীক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা. assamtimespost.in
  3. ↑ Teaser Of Assamese Horror Film Jokhini Released. thestorymug.com
  4. ↑ Reflection Of Assam’s Folk Culture In Chinmoy Barma’s Short Film. Guwahati Plus
  5. ↑ Reflection of folk culture of Assam in Chinmoy Barma's short films. The Sentinel
  6. ↑ Assam Youth Makes AI Generated Art Depicting Ghosts from Assamese Folklore, Creates Sensation on Social Media. Dy365

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যখিনী (চুটি ছবি)” প্ৰবন্ধৰ সংশোধন ৫০৯৪৯১ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।