সত্যমেৱ জয়তে(Satyamev jayate) হ'ল ভাৰতবৰ্ষৰ দূৰদৰ্শন উদ্যোগৰ ষ্টাৰ ইণ্ডিয়া নেটৱৰ্কৰ অন্তৰ্গত আৰু দূৰদৰ্শনৰ ডিডি নেচনেল কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এক অনৌপচাৰিক বাৰ্তালাপ অনুষ্ঠান। বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দূৰদৰ্শনত অভিষেকৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰথম শৃংখলাৰ প্ৰথন খণ্ডটো ৬ মে, ২০১২ ইং তাৰিখে সম্প্ৰচাৰিত হৈছিল। ইয়াৰ দ্বিতীয়টো শৃংখলাৰ প্ৰচাৰণ ২ মাৰ্চ,২০১৪ ইং তাৰিখে আৰম্ভ হৈছে। এই অনুষ্ঠানটোৱে সামাজিক ভাৱে স্পৰ্শকাতৰ জটিল সনস্যা কিছুমান আৰু সেইবোৰৰ সমাধানৰ বিভিন্ন পথ দৰ্শকৰ আগত উপস্থাপন কৰে। এই সমস্যা সমূহৰ ভিতৰত মহিলাৰ প্ৰতি অপব্যৱহাৰ, শিশুৰ প্ৰতি যৌন অতিশয্যা, যৌতুক, চিকিৎসা সেৱাত প্ৰচলিত দুৰ্নীতি, অনাৰ কিলিং, শাৰিৰীক ভাৱে বাধাগ্ৰস্ত লোকসকলৰ প্ৰতি অমনোযোগিতা, ঘৰুৱা হিংসা ইত্যাদি প্ৰধান। প্ৰতিটো খণ্ডত এটি নতুন বিষয় উপস্থাপন কৰা হয়। ই মূখ্যতঃ হিন্দী ভষাৰ অনুষ্ঠান যদিও ইয়াক বঙালী, মালায়লম, তামিল আৰু তেলগুলৈ ডাৱ কৰা হয়। ই সমালোচক আৰু জনসাধাৰণৰ পৰা অভূতপূৰ্ব সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)” প্ৰবন্ধৰ সংশোধন ২১৫৭৯৭ (২ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।