শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ (ইংৰাজী ভাষা: Sri Sri Madhabdev Kalakshetra) লক্ষীমপুৰৰ নাৰায়ণপুৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত হৈছে।১
ইতিহাস
মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে নাৰায়ণপুৰবাসী ৰাইজে দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল। ২০০৭ চনৰ ২৩ মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলাক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিছিল। কলাক্ষেত্ৰখনৰ বাবে উপযুক্ত স্থান হিচাপে বাছনি কৰা হৈছিল নাৰায়ণপুৰ পৌৰসভাৰ এক নং ৱাৰ্ডত থকা বদলা সত্ৰৰ প্ৰাঙ্গন। ১৬৩৬ চনত বদলা সত্ৰ প্ৰতিষ্ঠা হৈছিল নাৰায়ণপুৰৰ মাজমজিমাত। বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে কলাক্ষেত্ৰৰ বাবে ৪৪ বিঘা মাটি দান কৰিছিল। বিভিন্ন কাৰণবশত: কলাক্ষেত্ৰৰ নিৰ্মাণৰ গতি লেহেমীয়া হয়। ২০২৩ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে।২
তথ্যসূত্ৰ
- ↑ ANI. (2023-05-10). Assam CM inaugurates Sri Sri Madhabdev Kalakshetra at Narayanpur, lays foundation stone of several projects. ThePrint
- ↑ (2023-05-07). মাধৱদেৱ কলাক্ষেত্ৰ: আধাৰশিলাৰ পৰা উদ্বোধনলৈ.. - শতাব্দ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৬৯০ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।