মৰ্দানী ' ( Mardaani) ২০১৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি।১ পৰিচালক প্ৰদীপ সৰকাৰ আৰু প্ৰযোজক আদিত্য চোপ্ৰা।২ ছবিখনত ৰাণী মুখাৰ্জীৰ লগত সহযোগী চৰিত্ৰত অভিনয় কৰিছে যীশু সেনগুপ্ত, তাহিৰ ৰাজ ভাছিন আৰু সানন্দ বাৰ্মাই। এই আখ্যানটো শিৱানী শিৱাজী ৰায় নামৰ এগৰাকী আৰক্ষী মহিলাৰ ওপৰত আধাৰিত, যিয়ে অপহৃত কিশোৰী ছোৱালীৰ গোচৰৰ প্ৰতি আগ্ৰহৰ বাবে ভাৰতীয় মাফিয়াৰ মানৱ সৰবৰাহৰ গোপনীয়তা উন্মোচন কৰিবলৈ অনুপ্ৰাণিত হয়।৩
২০১৪ চনৰ ২২ আগষ্টত ছবিগৃহত মুক্তি পোৱা ছবিখনে ইতিবাচক সমালোচনা লাভ কৰে। মুখাৰ্জীয়ে অভিনয়ৰ বাবে প্ৰশংসিত হয় আৰু ব্যৱসায়িক সফলতা হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত ২০১৯ চনত মাৰ্দানী ২ শীৰ্ষক ছিকুৱেল ছবিখনে মুক্তি পায়। মাৰ্দানী ২ৰ সফলতাৰ পিছত ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰডাকচন হাউছে ঘোষণা কৰে যে মৰ্দানী ছিকুৱেলখনৰ সম্ভাৱ্য তৃতীয় ছবিখনৰ নাম মাৰ্দানী ৩ হ’ব, য'ত ৰাণী মুখাৰ্জীয়ে পুনৰ শিৱানী শিৱাজী ৰায়ৰ চৰিত্ৰত অভিনয় কৰিব। ২০২৩ চনৰ ২৪ মাৰ্চত মৃত্যুৰ পূৰ্বে যশ ৰাজ ফিল্মছৰ বেনাৰত সৰকাৰে পৰিচালনা কৰা এই ছবিখন আছিল চূড়ান্ত ছবি।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰ্দানী” প্ৰবন্ধৰ সংশোধন ৪৯৭২৯১ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।