মাকো হ'ল তাঁত ববৰ কাৰণে ব্যৱহাৰ কৰা যতন, য’ত মহুৰা ভৰাই তাঁত বোৱা হয়।১ অসমত প্ৰচলিত মাকোৰ ভাগ দুটা হ'ল: চৰিয়া মাকো আৰু ফলীয়া মাকো। বিহুগীতত 'ক'লীয়া নাহৰৰ মাকো' আৰু 'হাতীদাঁতৰ মাকো'ৰ উল্লেখ আছে। নাৱৰ দৰে দুমূৰ জোঙা চাৰিসিৰীয়া মাকোৰ মাজ ভাগ খুলি (মাকো বাকচ) তাত শলা লগাই সূতাৰ মহুৰাটো ৰাখি কাপোৰ বোৱা হয়।
সাহিত্যত মাকো
বিহুগীতৰ ভিন্ন কলিত মাকোৰ উল্লেখ আছে-
- 'বহো তাঁতৰ শালত চকু আলিবাটত ঘনে মাকো সৰি পৰে'।
- 'মাকোৰ ঘিট্ ঘটনি গামখাৰুৰ বাজনি'।
খণ্ড বাক্য হিচাপে 'মাকো মাৰ' শব্দটোৱে 'ঘনাই অহা-যোৱা কৰা' বা 'মাকো যেন চলন-ফুৰণ হোৱা' অৰ্থাৎ চঞ্চল আৰু ক্ষিপ্ৰ স্বভাৱৰ হোৱা বুজায়।
ইয়াকলৈ সাঁথৰৰো সৃষ্টি হৈছে। যেনে-
- দুইফালে ঢাপ
মাজে মাজে যায় কাৰ্শলা সাপ।
- আলিৰ মূৰত জেঠীৰ বাহ
পুৱাই কি কি কৰে ৰজাৰ পুতেক বন্দীত পৰি ঘনে অহা-যোৱা কৰে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকো” প্ৰবন্ধৰ সংশোধন ৫৩১৭২৬ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।