অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মুম্বাই কাটিং

মুম্বাই কাটিং ( Mumbai Cutting ) ২০০৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এঘাৰখন চুটিছবিৰ এখন এন্থ’ল’জী চলচ্চিত্ৰ। মুম্বাইৰ জীৱনৰ আধাৰত এঘাৰটা ভিন্ন গল্প কোৱা ছবিখনৰ প্ৰতিটো গল্প ভিন্ন ভিন্ন পৰিচালকে পৰিচালনা কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মুম্বাই কাটিং ( Mumbai Cutting ) ২০০৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এঘাৰখন চুটিছবিৰ এখন এন্থ’ল’জী চলচ্চিত্ৰ। মুম্বাইৰ জীৱনৰ আধাৰত এঘাৰটা ভিন্ন গল্প কোৱা ছবিখনৰ প্ৰতিটো গল্প ভিন্ন ভিন্ন পৰিচালকে পৰিচালনা কৰিছে। পৰিচালকসকল হ’ল- অনুৰাগ কাশ্যপ, সুধীৰ মিশ্ৰ, ৰাহুল ঢোলাকিয়া, কুন্দন শ্বাহ, ৰেৱতী, জাহ্নু বৰুৱা, ঋতুপৰ্ণ ঘোষ, শশাংক ঘোষ, ৰুচি নাৰায়ণ, আয়ুষ ৰাইনা আৰু মনীষ ঝা।১২ ইয়াৰে এটা গল্পৰ সংগীত ৰচনা কৰিছিল ইলায়াৰাজাই।

ছবিখন প্ৰযোজনা কৰিছে চাহাৰা ৱান আৰু হোৱাইটক্লাউড প্ৰডাকচনে।

ছবিসমূহ

ক্ৰমছবিপৰিচালক
১অনজানে দোস্তজাহ্নু বৰুৱা
২বোম্বাই মুম্বাই চেম ছিটৰাহুল ঢোলাকিয়া
৩আৰ্জঋতুপৰ্ণ ঘোষ
৪১০ মিনিটশশাংক ঘোষ
৫এণ্ড ইট ৰেইনড্মনিষ ঝা
৬প্ৰমোদ ভাই ২৩অনুৰাগ কাশ্যপ
৭দ্য বলসুধীৰ মিশ্ৰ
৮জো পল্টি নহী ৱ’ ৰিক্সা ক্যাৰুচি নাৰায়ণ
৯বোম্বে হাইআয়ুষ ৰেইনা
১০পাৰ্চেলৰেৱতী
১১হিৰোকুন্দন শাহ

মুক্তি

২০০৮ চনৰ লছ এঞ্জেলছত আয়োজিত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি হিচাপে ২০০৮ চনৰ ২৭ এপ্ৰিলত আৰ্কলাইট হলিউডত মুম্বাই কাটিঙৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়। তাৰ পিছত একে বছৰৰে জুলাই মাহত ই দশম অ’ছিয়ান চলচ্চিত্ৰ মহোৎসৱৰো৩ সামৰণি ছবি আছিল।৪ অৱশ্যে এইখন ব্যৱসায়িকভাৱে মুক্তি পোৱা নাছিল।৫

তথ্যসূত্ৰ

  1. ↑ Mumbai Cutting (Unreleased) - Review, Star Cast, News, Photos. Cinestaan
  2. ↑ (30 July 2008). Mumbai Cutting: 1 film, 11 directors, 11 stories. CNN-IBN
  3. ↑ Mumbai Cutting. Osian Film Festival website
  4. ↑ (21 July 2008). 'Mumbai Cutting' brings curtains on Osian's film fete. The Hindu
  5. ↑ (27 June 2010). Films much delayed: Too late?. Indian Express

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুম্বাই কাটিং” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।