মানস-কন্যা হৈছে অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত 'হেঙুল থিয়েটাৰ'ৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
আকাশদ্বীপ, আঙুৰলতা, বিপুল বৰা, আলোকজ্যোতি, জীৱন হাতীকাকতী আদি।
মূল-কাহিনীভাগ
এজন অতি দুখীয়া অথচ অতি জেদী আৰু অতি খঙাল যুৱকৰ ভুমিকাত আকাশদ্বীপ আৰু ধনীৰ দুলালীৰ ভূমিকাত আঙুৰলতাই অভিনয় কৰিছিল। নায়কৰ হঠাতে উঠা খং আৰু মাৰপিত কৰা স্বভাৱৰ বাবেই নায়িকাই মূৰত দুখ পাইছিল। কাহিনীৰ পাকচক্ৰত পৰি নায়কক ড্ৰাইভাৰ হিচাপে নায়িকাৰ পিতৃয়ে নিযুক্তি দিছিল। কালক্ৰমত সেয়াই কাল হয় আৰু নায়ক-নায়িকা প্ৰেমত পৰে আৰু অৱশেষত ঘৰৰ অমান্তিত বিয়াত বহে। বিয়াৰ পাছত তেওঁলোকৰ সুখৰ সংসাৰলৈ এগৰাকী কন্যা সন্তান আহিল। কিন্তু এই মানস কন্যাৰ ভৰণ পোষনত হোৱা অসুবিধা আৰু নায়িকাৰ পূৰ্ৱৰ প্ৰেমিকাৰ চলনাত নায়ক-নায়িকাৰ বিচ্ছেদ হয়। নায়ক-নায়িকাৰ পুনৰ মিলন হ’ল নে নাই আৰু ইয়াত তেওঁলোকৰ মানস- কন্যাৰ কি ভূমিকা এইবোৰ প্ৰশ্নৰেই আগবাঢ়িছে ‘মানস- কন্যা’ৰ পৰৱৰ্তী নাট্য মুহুৰ্তবোৰ। নাটকখনত নাট্যকাৰে নাটকৰ দৰে সংলাপ, কথাছবিৰ দৰেই নৃত্য-গীত- একশ্যন, হাঁহি-চকুলো সকলো দিবলৈ চেষ্টা কৰিছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানস কন্যা” প্ৰবন্ধৰ সংশোধন ১৭৪১৩৭ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।