মাত্ৰুভূমি: এ নেচন উইডাউট ৱ’মেন ( Matrubhoomi: A Nation Without Women) ২০০৩ চনৰ মনীষ ঝাৰ ৰচfl আৰু পৰিচালিত এখন ভাৰতীয় ডিচট’পিয়ান ট্ৰেজেডী ছবি। ছবিখনে লিংগ ভাৰসাম্যৰ ওপৰত নাৰী ভ্ৰুণ হত্যা আৰু নাৰী শিশু হত্যাৰ প্ৰভাৱ আৰু তাৰ ফলত সমাজৰ স্থিতিশীলতা আৰু দৃষ্টিভংগীৰ পৰীক্ষা কৰিছে। ইয়াৰ কাহিনী ভাৰতৰ কিছু অংশত লিংগ ভাৰসাম্যহীনতা আৰু অৰ্থনৈতিক অৱস্থাৰ বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে কিছু মিল আছে, যাৰ ফলত বহুপতি আৰু কইনা ক্ৰয় প্ৰথা সৃষ্টি হয়। ১ ইয়াত বছৰ বছৰ ধৰি মহিলা শিশু হত্যাৰ বাবে কেৱল পুৰুষৰ বসতি থকা ভাৰতীয় গাঁৱৰ ভৱিষ্যতৰ চিত্ৰায়ণ কৰা হৈছে। ২
মাত্ৰুভূমিয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে ৩ আৰু ২০০৩ চনত ভেনিচ চলচ্চিত্ৰ মহোৎসৱকে ধৰি বহুতো উৎসৱত প্ৰদৰ্শিত হয়। পিছলৈ FIPRESCI বঁটা প্ৰদান কৰা হৈছিল। পিছলৈ মাত্ৰুভূমিক FIPRESCI বঁটাৰে সন্মানিত কৰা হয়; কাৰণ “ই নাৰী আৰু নাৰী শিশুহত্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বস্তু এটা প্ৰথমবাৰৰ বাবে পৰিচালকে সংবেদনশীলতাৰে চম্ভালিছে"। ৪ ৫ "
তথ্যসূত্ৰ
- ↑ Draupadis bloom in rural Punjab Times of India, 16 July 2005
- ↑ Andrea LeVasseur. (2008). Matrubhoomi (2003). The New York Times
- ↑ (22 September 2003). More Than Chick Flicks. TIME
- ↑ 2003 Awards: Venice (Italy, August 27 – September 6, 2003). FIPRESCI website
- ↑ Derek Malcolm. (8 September 2003). Ovation for Emma Thompson as low-budget art wins over hype in Venice. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাত্ৰুভূমি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৭০৯৩ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।