মা-কচম অভিজিত ভট্টাচাৰ্যই ৰচনা-পৰিচালনা কৰা বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা আদি।
কাহিনী
যতীন বৰাই এজন গাড়ীৰ ড্ৰাইভাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। নায়কৰ উপাৰ্জনেৰে চলিছিল মাক আৰু তিনিজন ভায়েকৰ পৰিয়ালটো। নায়কে পৰিয়ালটোক সুখত ৰাখিবলৈ দিনৰ দিনটো কষ্ট কৰে। কিন্তু পৰিয়ালৰ কোনেও নায়কক ভাল নাপায়। ড্ৰাইভাৰ কাৰণে নিজৰ দাদা বুলি ক’বলৈ লাজ পায়। সকলো কথা মা-কচমেৰে আৰম্ভ কৰা নায়কে কাহিনীৰ পাক চক্ৰত এদিন গম পায় তাৰ মাকজনী তাৰ নিজৰ মাক নহয়। তাৰপাছত নায়কৰ জীৱনলৈ অহা ঘাত-প্ৰতিঘাতেৰে নাটকখনৰ কাহিনীভাগ আগবাঢ়িছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মা-কচম” প্ৰবন্ধৰ সংশোধন ১৭৪১৩৬ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।