মমতাজ (Momtaaj) ২০১৩ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। পুলক গগৈ এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল। সাইঁ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল আৰু চলচ্চিত্ৰখনৰ বাবে পুলক গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ ‘ভিভেল ফিল্মফেয়াৰ বঁটা (ইষ্ট)’ লাভ কৰিছিল। গল্পসম্ৰাট চৈয়দ আব্দুল মালিকৰ ‘কাঠফুলা’ গল্পৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ১২ ২০১৩ চনৰ আগষ্ট মাহৰ ২৩ তাৰিখে চিনেমাখন অসমৰ ছবিগৃহত মুক্তি দিয়া হয়। ছবিৰ কেমেৰাৰ কাম প্ৰদীপ দৈমাৰীৰ আৰু সম্পাদনা দিগন্ত খাউণ্ডৰ। সংগীত পৰিচালক আছিল পলাশ গগৈ।
তথ্যসূত্ৰ
- ↑ MOMTAAZ! trailer no. 3. www.youtube.com/
- ↑ (4 December 2020). Momtaaj Director Pulak Gogoi Bags the Best Director Assamese Award. ফিল্মফেয়াৰ ফেচবুক পেইজ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতাজ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৮০৩৬ (১৮ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।