অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মী এণ্ড মাই ছিষ্টাৰ

মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্‌চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্‌চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।১

কাহিনী

বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত নাৰীৰ স্থান, কন্যা ভ্ৰূণ হত্যাৰ ঘটনা আদি চলচ্চিত্ৰখনৰ বিষয়বস্তু। চলচ্চিত্ৰখনত দেখুওৱা হয় যে নাৰী শোষণ, কন্যা ভ্ৰূণ হত্যা আদি ঘটনা কেৱল অশিক্ষিত দুখীয়া পৰিয়ালতেই নহয়, উচ্চশিক্ষিত আৰু উচ্চবিত্ত পৰিয়ালতো সংঘটিত হয়।১

দুগৰাকী মহিলাৰ পৰিয়ালক কেন্দ্ৰ কৰি চলচ্চিত্ৰখন আগবাঢ়ে। দুইগৰাকী বান্ধৱী আৰু এগৰাকীয়ে আনগৰাকীৰ ন্যায়ৰ বাবে যুঁজ কৰে। এগৰাকী উচ্চশিক্ষিত, কিন্তু তেওঁ ঘৰত নিস্থুৰ স্বামীৰ ওচৰত অনাদৃত। শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ তেওঁ এজনী অন্ধ ছোৱালী জন্ম দিয়ে। ১

অভিনয়-শিল্পী

কলা-কুশলী

  • প্ৰযোজনা/কাহিনী/পৰিকল্পনা - নিপন ঢলুৱা
  • কাৰ্যবাহী প্ৰযোজনা - বৰ্ণালী ঢলুৱা
  • পৰিচালনা - ৰাজেশ ভূঞা
  • মুখ্য সহকাৰী পৰিচালনা - মোহন দাস
  • সহকাৰী পৰিচালনা - মনোজ শইকীয়া, ৰাজীৱ দত্ত
  • চিত্ৰগ্ৰহণ - সুমন দুৱৰা
  • চিত্ৰনাট্য/সংলাপ - পংকজজ্যোতি ভূঞা
  • সম্পাদনা- গৌৰৱ বণিয়া
  • সংগীত - অৰূপজ্যোতি পাটগিৰি
  • গীতৰ কথা - দিগন্ত ভাৰতী
  • গীতৰ কণ্ঠ - জুবিন গাৰ্গ
  • পাৰ্শ্ব সংগীত - বিতোপন ফুকন
  • মেক্‌ আপ - অকু বোথ্ৰা
  • এনিমেচন - ঋতুৰাজ দত্ত৩

তথ্যসূত্ৰ

  1. ↑ From womb to doom Surya S. Pillai, The Hindu, June 7, 2012
  2. ↑ মি এণ্ড মাই ছিষ্টাৰ, আমাৰ অসম, ১৪ মাৰ্চ, ২০১২
  3. ↑ নতুন অসমীয়া ছবি - মি এণ্ড মাই ছিষ্টাৰ, অসমীয়া প্ৰতিদিন, ১৬ মাৰ্চ, ২০১২

সম্পৰ্কিত শ্ৰেণী

২০১২ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মী এণ্ড মাই ছিষ্টাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০১৬১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।