অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বান (চলচ্চিত্ৰ)

বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।

হালনাগাদ: ২২ আগষ্ট ২০২১ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।১

কাহিনীৰ সাৰাংশ

নদীদ্বীপ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান।প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই মাজুলীক জুৰুলা কৰি আহিছে। বান নিয়ন্ত্ৰণৰ নামত চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলে দুৰ্নীতিৰ পোহাৰ মেলে। এই দুৰ্নীতিৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামী এজনৰ ডেকা পুত্ৰই ঠিয় দিয়ে। থুলমূলকৈ এয়ে ছবিখনৰ কাহিনী।১

বঁটা

৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৬) ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ধন ক্ৰমে ২০,০০০ টকা আৰু ১০,০০০ টকা আগবঢ়োৱা হৈছিল১

তথ্যসূত্ৰ

  1. ↑ 34th Nation Film Film Award Catalouge. Directorate of Film Festivals, Govt. of India. পৃ. 49, 105

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ২৯২০৮৭ (২২ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।