বনজুই (Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমৰ চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।১
কাহিনীৰ সাৰাংশ
দ্বিতীয় বিশ্বযুদ্ধৰ সময়। যুদ্ধৰ অশান্ত প্ৰভাৱ নপৰা এখন গাঁও বৰপদুমণি। সেই গাঁৱৰে এহাল নিঃসন্তান দম্পত্তি প্ৰেমধৰ আৰু জোনা। বিয়াৰ বহু বছৰ পাছতো তেওঁলোকৰ সন্তান নোহোৱাত গাঁৱত বি-বি-বা-বা। এনেতে বৰপদুমণিত আহি থিতাপি ল’লে গোলাপে। চৈধ্যমাহ জেল খাটি অহা গোলাপে নিজকে দেশপ্ৰেমিক সজাই নানা কৌশলেৰে গাঁৱবাসীৰ মন মুহিলে। সিয়ে প্ৰেমধৰ আৰু জোনাৰ দাম্পত্য জীৱনত অশান্তিৰ ধুমুহা মাতি আনিলে। তাৰ সৈতে ছাত্ৰজীৱনৰ পৰা বন্ধুত্ব থকা আৰু এতিয়াৰ মাটিৰ হাকিম মাখনৰ কোলাহল মুক্ত জীৱনত ধুমকেতুৰ দৰে প্ৰবেশ কৰি মাখনকো অপদস্ত কৰিলে।
এদিন গোলাপৰ আত্মশুদ্ধি হ’ল। যুদ্ধ কৰিব অহা মিলিটেৰীৰৰ ভোগৰ সামগ্ৰী হৈ থকা গাভৰু মইনাক গোলাপেই উদ্ধাৰ কৰি আনি ভনীয়েকৰূপে মাখনক গটাই দিলে। জোনা আৰু প্ৰেমধৰৰ জীৱনলৈ এটা সন্তান আহিল।১
অভিনয় শিল্পী
- জেইবা মমতাজ
- বিশ্বজিত
- মৃদুলা বৰুৱা
- তিলমিজুৰ ৰহমান
- ৰমেন শৰ্মা
- ৰাণা তামুলী
- প্ৰফুল্ল শৰ্মা
- মাধৱ বৰঠাকুৰ
- হৰিনাৰায়ণ দত্ত
- তৰুণ দেৱশৰ্মা
- ফটিক বৰুৱা
- হিৰণ্য ভট্ট
- শৰৎ গগৈ আদি১
কলা-কুশলী
- শব্দগ্ৰহণ- অৰবিন্দ সেন
- চিত্ৰনাট্য, অতিৰিক্ত সংলাপ- আব্দুল মজিদ
- দৃশ্যসজ্জা- খগেন দত্ত, দিলীপ নেওগ, সত্য, পবন আদি১
সঙ্গীত
ছবিৰ সঙ্গীত আৰু গীত ৰচনা কৰিছে ভূপেন হাজৰিকাই। মুঠ গীত আছে সাতটা। গীতসমূহ গাইছে ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীয়ে।২১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনজুই (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৮০২২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।