অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গৰু (চলচ্চিত্ৰ)

গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমৰ চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ। হুচেইন মহম্মদ ছাহজাহানৰ চুটিগল্প ‘গৰু’ৰ আধাৰত চিত্ৰনাট্য লিখিছে গল্পকাৰ ছাহজাহান, পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু উদয় ভাস্কৰ পাটৰে।১২

মুক্তি

ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰথমে ২৪ জানুৱাৰী ২০২০ নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও পিছত সেই বছৰৰ ১ মে'তহে মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। কিন্তু মাৰ্চ ২০২০ৰ পৰা কৰ'না ৰোগৰ বাবে লকডাউন আৰম্ভ হোৱাত সেই বছৰ 'গৰু' মুক্তি দিব পৰা নগ'ল। পিছলৈ পৰিচালক আৰু প্ৰযোজনা কৰ্তৃপক্ষই ছবিখন চিত্ৰগৃহৰ সলনি ৰাজহুৱা আৰু অস্থায়ী প্ৰেক্ষাগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ২০২১ৰ ২২ জানুৱাৰীত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। পিছদিনা ২৩ জানুৱাৰীৰ পৰা অসমৰ অন্যান্য ঠাইৰ ৰাজহুৱা আৰু অস্থায়ী প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।৩১

অভিনয় শিল্পী

সঙ্গীত

সঙ্গীত পৰিচালনা কৰিছে পলাশ সূৰ্য গগৈয়ে। মুঠ গীত পাচটা। ইয়াৰ ‘ধিক্কাৰ এই জীৱন’ গীতটো অঙ্গৰাগ পাপন মহন্ত আৰু হিমাংশু প্ৰসাদ দাসৰ কণ্ঠত বেলেগে বাণীবদ্ধ কৰা হৈছে। গীতৰ এলবাম ১৯ জানুৱাৰী ২০২০ত মুক্তি দিয়া হৈছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ (21 January 2021). কাইলৈ মুক্তি পাৱ হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’. Janambhumi Online Edition
  2. ↑ (22 December 2020). 'Goru' a film by Himangshu Prasad Das to be released on January 23 next year www.sentinelassam.com/north-east-india-news/assa. The Sentinel Online Edition
  3. ↑ (22 January 2021). লকডাউনৰ পিছত মুক্তি পালে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হিমাংশু প্ৰসাদ দাসৰ 'গৰু'. News Live Channel
  4. ↑ Assamese Movie Songsː Goru. axomwap.com/
  5. ↑ Goru Songs. www.hungama.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰু (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪০৬১ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।