অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰতনলাল

ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ।

হালনাগাদ: ৩ জুন ২০২৪ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ। চাহ বনুৱা সম্প্ৰদায় আৰু বাগানীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা যোগেশ দাসৰ কাহিনীৰ আধাৰত ৰতনলালৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ভৰত বৰপূজাৰীয়ে। ভৰত বৰপূজাৰীয়ে ইয়াৰ পূৰ্বে ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ (INTUC) অসম শাখাৰ উদ্যোগত নিৰ্মাণ কৰা চাহ বনুৱা কেন্দ্ৰিক ছবি কেঁচা সোণৰো (১৯৫৯) কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।১

অভিনয় শিল্পী

ৰতনলালত অভিনয় কৰিছে বিশ্বজিৎ, ধীৰু ভূঞা, পবিত্ৰ বৰকাকতি, নেইমুদ্দিন আদিয়ে।১ জানকী নামৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰিছে ঝৰ্ণা শইকীয়াই। সেই সময়ৰ কানৈ কলেজৰ ছাত্ৰী ঝৰ্ণা শইকীয়াৰ এইখনে প্ৰথম আৰু শেষ ছবি আছিল।২

সংগীত

সংগীত পৰিচালনা নিৰ্মল চক্ৰৱৰ্তীৰ। গীত ৰচনা নিৰ্মলপ্ৰভা বৰদলৈৰ। ছবিখনৰ গীতবোৰ যথেষ্ঠ জনপ্ৰিয় হৈছিল।৩ ইয়াৰে খগেন মহন্তই গোৱা কেতেকে বান্ধি দেলাই, হিলকি বিলকি খপা হায়ৰে গীতটো পিছলৈ মহন্তৰ পুত্ৰ পাপনে নতুন শৈলীত পৰিবেশন কৰিছে আৰু যুৱ প্ৰজন্মই ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ অসমীয়া চিনেমাৰ তথ্যকোষ ১৯৬৬-৭৫. cinekatha.com
  2. ↑ জীৱনৰ প্ৰথমখন চিনেমাত এটাও ৰিটেক নিদিয়া অভিনেত্ৰীগৰাকীক বিচাৰি. thejollywoodcafe.com
  3. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 241

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰতনলাল” প্ৰবন্ধৰ সংশোধন ৪২২১৩৫ (৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।