মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে। চেলুলয়ডত নিৰ্মিত এইখন অন্তিম অসমীয়া চলচ্চিত্ৰ। এই বোলছবিখন প্ৰায় এক দশকধৰি মুক্তিৰ অপেক্ষাত থাকি ২০১৪ চনত মুক্তি লাভ কৰে। ছবিখনত ঠাকুৰ অনুকূলচন্দ্ৰৰ ভাব-আদৰ্শ দেখুওৱা হৈছে। ঝাৰখণ্ডৰ দেওঘৰত অনুকুল ঠাকুৰৰ পৰিনাতি বিনকিদাই ছবিখনৰ শুভাৰম্ভ কৰিছিল।১
অভিনয়ত
- ব্ৰজেন বৰা
- প্ৰাঞ্জল শইকীয়া
- হাদী আলম বৰা
- দীনেশ দাস
- অসীম বৈশ্য
- প্ৰমোদ বৰুৱা
- গায়ত্ৰী মহন্ত
- মাধুৰীমা চৌধুৰী
- দিলীপ বৰুৱা
- চেতনা দাস
- অতুল পাচনি১
কলা-কুশলী
- প্ৰযোজনা - দিলীপ কুমাৰ বৰুৱা
- পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ/গীত/চিত্ৰগ্ৰহণ সঞ্চালনা - ব্ৰজেন বৰা১
সংগীত
মহাপুৰুষ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক অভি-ৰূপম আৰু গীতিকাৰ ব্ৰজেন বৰা। গীতসমূহত কণ্ঠদান কৰে জুবিন গাৰ্গ, মিতালী চৌধুৰী আদিয়ে।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ভূষণ পাঠক. ২৯ আগষ্টত চিত্ৰগৃহত ব্ৰজেন বৰাৰ মহাপুৰুষ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাপুৰুষ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৯১৬ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।