সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা১ দশম অসমীয়া অসমৰ চলচ্চিত্ৰ, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলিকতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।২ বঙালী ছবিখনো ১৯৫৪ চনতে১ মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ছবি বিশ্বাসে।৩ সতী বেউলা মূলতঃ বঙালী সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।২
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই।২
ছবিখনৰ বিষয়ে অতুল চন্দ্ৰ হাজৰিকাই মঞ্চলেখাত লিখিছে:
"দৰাচলতে কাহিনীটো মূল বঙলা কাহিনীৰ অসমীয়া ৰূপান্তৰহে আছিল। সেই কাৰণে ছবিখনিত বেউলাই নিজৰ ৰূপত অসম জীয়ৰী হৈ আত্মপ্ৰকাশ কৰিবলৈ সুযোগ নাপালে, কামৰূপৰ চান্দো সাওদেও নিজা ৰূপ প্ৰতিপন্ন কৰিব নোৱাৰিলে। কীৰ্তিমান অভিনেতা ফণী শৰ্মায়ো এই ছবিত নিজৰ বৈশিষ্ট্য দেখুৱাব নোৱাৰিলে। অসমীয়া চান্দ সদাগৰ আৰু বেউলাৰ প্ৰকৃত ৰূপত নাট্যকাৰে দাঙি ধৰিব নোৱাৰাৰ বাবেই ছবিখন অসমীয়া ৰাইজৰ বাবে আকৰ্ষণীয় নহ'ল বুলিয়ে ক'ব পাৰি।"
তথ্যসূত্ৰ
- ↑ (December 21, 1955). 2nd National Film Award Catalogue. Directorate of Film Festivals. পৃ. 9
- ↑ মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
- ↑ SATI BEHULA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতী বেউলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৮৫৬ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।