ৰেনেছাঁ অসম বঁটা হৈছে ২০১২ চনৰপৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এক বঁটা। অসমীয়া সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে নগাঁৱৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ ২৫,০০০ টকা, স্মাৰক আৰু অন্যান্য। ২০১২ চনত প্ৰথম বৰ্ষত এই সন্মান লাভ কৰে সংগীতশিল্পী তৰালি শৰ্মাই। ২০১৪ চনত আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হয়।১
বঁটা লাভকৰোঁতা
| বৰ্ষ | ব্যক্তি | বিষয় |
|---|---|---|
| ২০১২ | তৰালি শৰ্মা১ | সংগীত |
| ২০১৩ | অনুৰাধা শৰ্মা পূজাৰী১ | সাহিত্য, সংবাদসেৱা |
| ২০১৪ | জুবিন গাৰ্গ১ | সংগীত |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেনেছাঁ অসম বঁটা” প্ৰবন্ধৰ সংশোধন ১৮২৭৪৫ (৭ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।