অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কনকলতা (চলচ্চিত্ৰ)

কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৩ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল। ১৯৪২ চনৰ শ্বহীদ, গহপুৰৰ ওচৰৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰা কনকলতাৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছিল ভবেন বৰুৱাই। পৰিচালকগৰাকীয়ে এটা ভিডিঅ’ত কয় যে ছবিখন নিৰ্মাণ কৰোঁতে প্ৰায় পাঁচ বছৰ সময় লাগিছিল।১

অভিনয়

  • ৰুমী গোস্বামী
  • দিলীপ শৰ্মা
  • হৰি ডেকা
  • অখিল ডেকা
  • মৃণাল সেনগুপ্ত
  • ভবেন বৰুৱা
  • মীনা দুৱৰা
  • আভালিন বৰুৱা১

সংগীত

ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইটামান গীত ব্যৱহাৰ কৰা হৈছে। সমবেত কণ্ঠত গীতসমূহ গাইছে সন্ধ্যা মেনন, কুইন দাস আদিয়ে। সংগীত পৰিচালনা অনুপম চৌধুৰীৰ।১

তথ্যসূত্ৰ

  1. ↑ Kanaklata movie in Youtube

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৯০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকলতা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৫০৩৭ (৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।