পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে।১ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল। ২০২১ চনৰ ২৩ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়।
উদ্দেশ্য
ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে যে নেতাজীৰ অদম্য আত্মা আৰু ৰাষ্ট্ৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱাক সন্মান আৰু স্মৰণ কৰিবলৈ পৰক্ৰম দিৱস উদযাপন কৰা হ'ব। ভাৰত চৰকাৰে প্ৰতি বছৰে ২৩ জানুৱাৰীত নেতাজীৰ দৰে প্ৰতিকূল তাৰ প্ৰতিকূলতাৰ সন্মুখীন হ'বলৈ আৰু দেশপ্ৰেমিক উৎসাহৰ চেতনা সৃষ্টি কৰিবলৈ এই দেশৰ লোকসকলক, বিশেষকৈ যুৱসকলক অনুপ্ৰাণিত কৰিবলৈ পৰক্ৰম দিৱস হিচাপে তেওঁৰ জন্মদিন উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাক্ৰম দিৱস” প্ৰবন্ধৰ সংশোধন ২৫৯৯৩১ (২৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।