অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাংফাই জোনাক

জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৩ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে। ৪২তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাৰ ভাৰতীয় পেনোৰামা শিতানলৈ নিৰ্বাচিত হোৱা এইখন একমাত্ৰ অসমীয়া চলচ্চিত্ৰ।১ তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱতো চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।২

কাহিনী

কাহিনীৰ আধাৰ হ’ল অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু তাৰ কুপ্ৰভাৱ, তাকে চলচ্চিত্ৰকাৰে দুটা সমসাময়িক কাহিনীৰ মাজেৰে উপস্থাপন কৰিছে। এটা কাহিনীত আছে এজন সৰল কিশোৰ যি অনিচ্ছাস্বত্বেও সমাজৰপৰা বাবা (ভগৱান) বুলি স্বীকৃতি লাভ কৰে, আৰু আনটো কাহিনীত আছে এগৰাকী নিৰ্দোষী কিশোৰী যাক স্বাৰ্থলোভী জ্যোতিষী আৰু এজন অসাধু লোকে মিলি অভিসন্ধি কৰি ৰাইজৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ডাইনী আখ্যা দি নৃশংসভাৱে হত্যা কৰে।৩

চিত্ৰগ্ৰহণ

হাই ডেফিনিছন ছ’নী ভিডিঅ’ কেমেৰাৰে ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হয়। হাই ডেফিনিছন কেমেৰাৰে চিত্ৰগ্ৰহন কৰা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ৪

ৰাইজৰ সঁহাৰি

চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ ভূয়সী প্ৰশংসা কৰে আৰু বহুতো বোলছবি মহোৎসৱত চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।৩

কলা-কুশলী

  • প্ৰযোজক – উৎপল কুমাৰ দাস
  • পৰিচালনা/চিত্ৰনাট্য – সঞ্জীৱ সভাপণ্ডিত
  • চিত্ৰগ্ৰহণকাৰী – পৰাশৰ বৰুৱা
  • সংগীত – অনিৰুদ্ধ বৰুৱা
  • সম্পাদনা – ৰাতুল ডেকা, সৌৰভ দত্ত
  • কলা নিৰ্দেশনা – অনুপ হাজৰিকা
  • ডি. আই. কালাৰিষ্ট – ৰজত শেঠ
  • মেক আপ – পৰাণ শৰ্মা
  • প্ৰযোজনা ব্যৱস্থাপক – দিগন্ত কলিতা, পংকজ কলিতা
  • ছাউণ্ড ৰেকৰ্ডিষ্ট – দেবজিত গায়ন
  • ভইচ ৰেকৰ্ডিষ্ট – যতীন শৰ্মা (ফিল্মক্ৰাফ্ট)
  • ফাইনেল মিক্স – দেবজিত চাংমাই, ৰাজকমল কলামন্দিৰ (মুম্বাই)

সন্মান

তথ্যসূত্ৰ

  1. ↑ You Tube – Jangfai Jonak Promo 2, Retrieved – May 17, 2012
  2. ↑ The Assam Tribune - Feast for the eyes awaits cine buffs from tomorrow, January 28, 2012
  3. ↑ Pranjal’s Eldorado - ‘Jankfai Jonak’(From the Shadow of Silence): A Tale of Technical and Thematic Triumph in a Troubled Terrain, Pranjal, February 12, 2012
  4. ↑ The Times of India – Jollywood reels under lack of theatres, April 21, 2012
  5. ↑ Assam Times - National awards for Debajit Changmai and others from Assam, Abdul Gani, May 21, 2011
  6. ↑ The Mail Archive - (Assam) Fwd: Assamese feature film at Habitat Film Festival, Delhi, Manoj Das, May 9, 2011

সম্পৰ্কিত শ্ৰেণী

২০১২ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাংফাই জোনাক” প্ৰবন্ধৰ সংশোধন ৩৮৭৮৫৭ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।