অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শক্তিমান

শক্তিমান (Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত, মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শক্তিমান (Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত, মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ।১২ প্ৰতি দেওবাৰে ভাৰতীয় মান সময় অনুসৰি দিনৰ ১২ বজাত, প্ৰায় ৪০০ খণ্ডৰে ২৭ ছেপ্তেম্বৰ, ১৯৯৭ তাৰিখৰ পৰা ২৭ মাৰ্চ ২০০৫ লৈ ডিডি নেচনেল যোগে প্ৰচাৰিত হৈছিল।৩ পৰিচয়মূলক খণ্ডটো ২০ ছেপ্তেম্বৰ, ১৯৯৭ তাৰিখতে সম্প্ৰচাৰ হৈছিল। শেষৰ খণ্ডটোৰ শ্লট দিনৰ ১২ বজাৰ পৰা ৰাতিপুৱা ৯:৩০ বজালৈ সলনি কৰা হৈছিল। ইয়াক প'গ'ত ইংৰাজীত, তৰঙ্গত ওড়িয়া আৰু চুট্টি টিভিত তামিলত সম্প্ৰচাৰণ কৰা হৈছিল। ষ্টাৰ উৎসৱত হিন্দীত ইয়াক পুণৰ সম্প্ৰাচাৰন কৰা হৈছিল। মুকেশ খান্নাই শক্তিমান আৰু শক্তিমানৰ অন্য ৰূপ পণ্ডিত গংগাধৰ বিদ্যাধৰ মায়াধৰ ওমকাৰনাথ শাস্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। শক্তিমান অতিমানৱ আছিল, তেওঁ আলৌকিক শক্তিৰ অধিকাৰী আছিল। গীতা বিশ্বাস নামৰ অইন এটা চৰিত্ৰ শক্তিমানৰ প্ৰেয়সী আছিল।

তথ্যসূত্ৰ

  1. ↑ Bailay, Rasul. (2000-10-04). India's Own Superman Is a Big Hit With Kids, and Black Marketers. Wall Street Journal
  2. ↑ Sominder, Aadrika. (2024-11-13). Mukesh Khanna's Shaktimaan returns! Fans speculate if his suit is copied from popular Marvel & DC characters; guess who. Hindustan Times
  3. ↑ (1 October 2017). Chacha Choudhary, Nagraj, Super Commando Dhruva: The league of extraordinary gentlemen. The Indian Express

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিককাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তিমান” প্ৰবন্ধৰ সংশোধন ৫৭১২৪৬ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।