অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।১ বহুতে ঘৰ জেউতিক ঘৰৰ শ্ৰীবৃদ্ধি আৰু সুখ শান্তিৰ বাবে আৰাধনা কৰে। ঘৰ ধৰিব পৰা ছোৱালী-তিৰোতাক ঘৰ লক্ষ্মী বুলি আখ্যা দিয়া হয়। একশৰণ নামধৰ্মৰ প্ৰতিষ্ঠাতা শংকৰদেৱৰ দ্বিতীয়া পত্নী কালিন্দীয়ে ঘৰৰ চুকত ‘ঘৰ জেউতি’লৈ বুলি পতা আসন দেখি মাধৱদেৱে খং কৰাৰ কথা গুৰু চৰিতত পোৱা হয়।২
তথ্যসূত্ৰ
- ↑ “অসমৰ ভূতৰ কথা”; জয়ন্ত শৰ্মা, সঁফুৰা আলোচনী, দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা
- ↑ পৃষ্ঠা নং ৫৯, কথা গুৰু চৰিত, সম্পাদনা মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল। ১৯৯৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰ জেউতি” প্ৰবন্ধৰ সংশোধন ৫৭৩৬১৯ (৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।