বৰলাৰ ঘৰ ( Bachelor’s House) হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া-বঙালী দ্বিভাষিক ৰোমাণ্টিক হাস্যধৰ্মী চলচ্চিত্ৰ। এইখন ১৯৯৩ চনৰ ছুপাৰহিট মালয়ালম বোলছবি মেলেপাৰামবিল আনভিড়ুৰ ৰিমে'ক। অ'কে প্ৰডাক্চনচৰ বেনাৰত মানি চি. কাপেনে প্ৰযোজনা আৰু পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে উৎপল দাস আৰু দেৱস্মিতা বেনাৰ্জীয়ে। মালয়ালম ছবিখনো একে প্ৰযোজনা সংস্থাৰ বেনাৰতে কাপেনেই প্ৰযোজনা কৰিছিল।১ অসমীয়া বোলছবি পৰিচালিকা মঞ্জু বৰা এইখন ছবি নিৰ্মাণৰ কামত উপদেষ্টা হিচাপে থাকে।
কাহিনী
হৰিপ্ৰসন্নৰ (নিপন গোস্বামী) কনিষ্ঠ পুত্ৰ মধুকৃষ্ণ (উৎপল দাস)। মধুকৃষ্ণ আৰু তেওঁৰ দুয়োজন ককায়েক জয়কৃষ্ণ (জুলেন ভূঞা) আৰু গোপীকৃষ্ণ (বিকি ৰাজখোৱা) অবিবাহিত। মধুকৃষ্ণই এম. বি. এ. ডিগ্ৰী লৈ চাকৰিৰ কাৰণে পশ্চিমবংগলৈ যায় আৰু তাতে এজন বঙালী ধনী লোকৰ (মানি চি. কাপেন) জীয়ৰী মুক্তাৰ (দেৱস্মিতা বেনাৰ্জী) প্ৰেমত পৰে আৰু দুয়ো পলাই যায়।
মধুৱে তেওঁৰ গোপন বিয়াৰ কথা মাক-দেউতাকক ক'বলৈ ভয় কৰে আৰু সেয়ে মুক্তাক তেওঁলোকৰ ঘৰতে বন কৰা মহিলাৰ ছদ্মৰূপ দিয়াই ৰাখে। কিন্তু মধু যেতিয়া এবাৰ কামত ওলাই যায়, তেতিয়া মাক-দেউতাকে মুক্তা গৰ্ভৱতী বুলি গম পাই তাইক কামৰ পৰা অব্যাহতি দিব বিচাৰে। তাৰ পাছত যেতিয়া মধু ঘৰলৈ আহে, তেতিয়া মুক্তাক তেওঁৰ পত্নী বুলি চিনাকি দিয়াবলৈ বাধ্য হয়। মধুৰ মাকৰ মুক্তাক ইতিমধ্যে ভাল লাগিছিল আৰু তাইক ঘৰৰ বন কৰা মানুহ হিচাপে ৰখোৱাৰ কাৰণে মধুক টান কথা শুনায়। শেষত মধুৰ মাক-দেউতাকে মুক্তাক বোৱাৰী হিচাপে গ্ৰহণ কৰে।
অভিনয় শিল্পী
- উৎপল দাস (মধুকৃষ্ণ)
- দেৱস্মিতা বেনাৰ্জী (মুক্তা)
- নিপন গোস্বামী (হৰিপ্ৰসন্ন, মধুকৃষ্ণৰ দেউতাক)
- পূৰ্ণিমা পাঠক শইকীয়া (ভানুমতী, মধুকৃষ্ণৰ মাক)
- মানি চি. কাপেন (বংকিমচন্দ্ৰ, মুক্তাৰ দেউতাক)
- শ্ৰীলেখা মুখাৰ্জী (মুক্তাৰ মাক)
- বিষ্ণু খাৰঘৰীয়া (কুলেন শইকীয়া, পশ্চিমবংগত থকা অসমীয়া ব্যৱসায়ী)
- জুলেন ভূঞা (জয়কৃষ্ণ, মধুকৃষ্ণৰ ডাঙৰ ককায়েক)
- বিকি ৰাজখোৱা (গোপীকৃষ্ণ, মধুকৃষ্ণৰ সৰু ককায়েক)
- শিবু (পূৰ্ণেন্দু)
- সিদ্ধাৰ্থ মুখাৰ্জী
নিৰ্মাণ
দাক্ষিণাত্যৰ বোলছবি প্ৰযোজনা সংস্থাৰ দ্বাৰা নিৰ্মিত এইখন প্ৰথম অসমীয়া বোলছবি। কাপেনৰ মতে কেৰালা আৰু অসমৰ সংস্কৃতিৰ মিল আছে আৰু সেইবাবে তেওঁ বোলছবিখন অসমীয়াত পুনৰ্নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। দ্বিভাষিক চলচ্চিত্ৰখনৰ ৬০% সংলাপ অসমীয়া আৰু ৪০% বঙালী। অসমীয়া সংলাপখিনিত বঙালী ছাব্টাইটল আৰু বঙালী সংলাপখিনিত অসমীয়া ছাব্টাইটল দিয়া হয়।২
চলচ্চিত্ৰখন ড॰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হয়।৩
সংগীত
২০১২ চনৰ ৩০ অক্টোবৰ তাৰিখে প্ৰীমিয়াৰ দৰ্শনীৰ দিনা গুৱাহাটীত চলচ্চিত্ৰখনৰ সংগীতৰ শ্ৰাব্য এলবামটো ইউনিভাৰ্ছেল মিউজিকৰ বেনাৰত মুক্তি দিয়া হয়।৪ সংগীত পৰিচালনা কৰে দাক্ষিণাত্যৰ সংগীত পৰিচালক কে. আৰ. শ্ৰীজিতে।৫ গীতৰ কথা দিলীপ কুমাৰ বৰাৰ।
তথ্যসূত্ৰ
- ↑ (November 01, 2012). Borolar Ghor, remake of super hit Malayalam film "Meleparambil Aanveedu"
- ↑ (November 2, 2012). Borolar Ghor is releasing today (Assamese). Dainik Asom, Joonaki Baat. Limelight. পৃ. 1
- ↑ (30 October, 2012). Borolar Ghor. Okay Productions, Kerala-Assam
- ↑ (November 2, 2012). From today on theatres: Borolar Ghor (Assamese). Ajir Dainik Batori. পৃ. 10
- ↑ Borolar Ghar (Music, Audio CD). ফ্লিপকাৰ্ট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰলাৰ ঘৰ” প্ৰবন্ধৰ সংশোধন ৪৬৯৮৯৭ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।