পূৰ্বী বা পুৰ্বী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ এঘাৰটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।১
বিৱৰণ
পূৰ্বী ঠাট মাৰৱা ঠাটত কোমল ধৈৱত যোগ কৰি পোৱা যায়। এই ঠাটৰ ৰাগসমূহত সাধাৰণতে কোমল ঋষভ, শুদ্ধ গান্ধাৰ আৰু শুদ্ধ নিষাদৰ লগতে তীব্ৰ মধ্যম থাকে, যি নোটে সন্ধিয়াৰ ৰাগসমূহক প্ৰভাতৰ ৰাগসমূহৰপৰা (সূৰ্যোদয় আৰু সূৰ্যাস্ত) পৃথক কৰে। পূৰ্বী ঠাটৰ ৰাগ পূৰ্বী অত্যন্ত গম্ভীৰ, শান্ত আৰু ৰহস্যমজ় স্বৰূপৰ আৰু ইয়াক সূৰ্যাস্তৰ সময়ত পৰিৱেশন কৰা হয়। প্ৰাচীন গ্ৰন্থত চিত্ৰময় বৰ্ণনাত পূৰ্বীৰ সৌষ্ঠৱ, মাৰ্জিত ভঙ্গিমা আৰু আকৰ্ষণৰ কথা প্ৰায়ে উল্লেখ কৰা হয়।
ৰাগসমূহ
পূৰ্বী ঠাটৰ অন্তৰ্গত ৰাগসমূহৰ ভিতৰত আছে:
তথ্যসূত্ৰ
- ↑ Bor, Joep; Rao, Suvarnalata. (1999). The Raga Guide: A Survey of 74 Hindustani Ragas. Nimbus Records with Rotterdam Conservatory of Music. পৃ. 3. ISBN 9780954397609
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্বী ঠাট” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৬৯ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।