অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)

স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২২ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।১

অভিনয় শিল্পী

গীত

ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। সঙ্গীত পৰিচালক ৰুপে এয়া ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি। গীত আছিল সাতটা; ইয়াৰে দুটা হিন্দী গীত।১ এয়াই আছিল অসমীয়া ছবিত প্ৰথম হিন্দী গীতৰ সংযোজন। সেই সময়ৰ হিন্দীগীতৰ জনপ্ৰিয়তা দেখি ব্যৱসায়িক দৃষ্টিভঙ্গীৰে সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱাই এনে ছবিখনত হিন্দীগীতৰ সংযোজন কৰিব পাৰে। ছবিখনৰ বহুকেইটা গীত তেতিয়া অতি জনপ্ৰিয় হৈছিল।৩ অসমীয়া ছবিত প্ৰথমবাৰৰ বাবে বিহুনাচ দেখুওৱা হৈছিল ৰুণুমী ছবিত; কিন্তু এই নাচ দেখুওৱা হৈছিল অতি কম সময়ৰ বাবে। 'স্মৃতিৰ পৰশ'ত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এটা বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।১৪

তথ্যসূত্ৰ

  1. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী
  2. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  3. ↑ তফজ্জুল আলি. (জুন ২০০৬). সঙ্গীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা. সাৰেগামা (পৃঃ ২৪)
  4. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৪১). বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৩৯৮৬৩ (৬ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।