ধৰ্মকাই (Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।১
অভিনয় শিল্পী
| *বিজু ফুকন *ইলা কাকতি *প্ৰশান্ত হাজৰিকা *তিলমিজুৰ ৰহমান *ৰাণা তামুলী *ভোলা কাকতি | *চন্দ্ৰ চৌধুৰী *গোলাপ দত্ত *মহিবুন্নিচা *কুমাৰী চালেহা *ডেনী বৰা *মাষ্টাৰ অনুৰাগ আদি।১ |
কলা-কুশলী
(তথ্যছকত নথকা)
- কাহিনী, সংলাপ- প্ৰসন্ন কুমাৰ বৰুৱা
- চিত্ৰনাট্য- ভবেন দাস, প্ৰসন্ন কুমাৰ বৰুৱা
- শব্দগ্ৰহণ- অৱনী চেতাৰ্জী
সংগীত
'ধৰ্মকাই'ৰ সংগীত জয়ন্ত হাজৰিকাৰ। গীতৰ সংখ্যা ৪টা। নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত হাজৰিকাই কণ্ঠ দিয়া গীতকেইটা যথেষ্ট জনপ্ৰিয় হৈছিল।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্মকাই” প্ৰবন্ধৰ সংশোধন ৩৯২৯২৯ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।