অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নন্দোৎসৱ

শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই।

হালনাগাদ: ২২ আগষ্ট ২০২২ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই। তিৰোতাসকলক বোকা দিয়া নহয়। কোনো কোনো কীৰ্তন-ঘৰৰ চোতালত পৰ্যাপ্ত পৰিমাণে মিঠাতেল ঢালি ঠাইডোখৰ পিছল কৰি লৈ ইজনে-সিজনক পিছলাই পেলাই ধেমালি কৰে। দক্ষিণ কামৰূপৰ ৰাজাপুখুৰী সত্ৰত পালন কৰা নন্দোৎসৱ তাৎপৰ্যপূৰ্ণ। তাত কীৰ্তন-ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজ বোকাত লুতুৰি-পুতুৰি হৈ তাল-নাগাৰাৰ চেৱে চেৱে নৃত্য কৰে- ব্ৰজবাসীসকলে কৰা হৰ্ষোল্লাসৰ স্মৃতি মনত পেলায়। নন্দোৎসৱৰ বোকা-ভাওনাৰ অনুৰূপ অনুষ্ঠান গুজৰাটতো দেখা যায়।১

তথ্যসূত্ৰ

  1. ↑ অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৫৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দোৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৩১১৩৩ (২২ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।