তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষা ৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে।১ সংগীত পৰিচালনা মৃণাল কান্তিৰ।২
কাহিনী
বোলছবিখন মূলতঃ পাৰিবাৰিক কাহিনী আৰু ত্ৰিকোণ প্ৰেমৰ আধাৰত নিৰ্মিত। ২০০৮ চনৰ গুৱাহাটী বোমা বিস্ফোৰণৰ ঘটনায়ো কাহিনীত ঠাই পাইছে।১
অভিনয়ত
- ৰাগ ঐনিতম
- বৰষা ৰাণী বিষয়া
- বিকি
- নিকুমণি বৰুৱা
- জুপিতৰা ভূঞা
- দিলীপ বৰুৱা
- অৰুণ হাজৰিকা
- লিপিকা বৰা
- জুৰি শৰ্মা
কলা-কুশলী
- প্ৰযোজনা - সাৰ্জু আচাৰ্য
- পৰিচালনা - ৰাজীৱ বৰা
- চিত্ৰনাট্য/সংলাপ - মাণিক বৰা
- সম্পাদনা - কাজু
- সংগীত - মৃণাল কান্তি
- গীতৰ কথা - ডo লোহিন্দ্ৰ শইকীয়া
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল মৃণাল কান্তিয়ে। গীতৰ কথা ডo লোহিন্দ্ৰ শইকীয়াৰ।১
তথ্যসূত্ৰ
- ↑ New Assamese Feature Film Tomar Khobor - Release Date and Star Cast Information. Assam Journal
- ↑ Tomar Khobor Assamese Audio CD launched. Assam Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তোমাৰ খবৰ” প্ৰবন্ধৰ সংশোধন ৫৩৫৮১০ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।