বৃষ্টি (Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে। যদিও মূলতঃ ই এখন প্ৰেমৰ ছবি আছিল, ছবিখনৰ যোগেদি সমকালীন অসমৰ দুৰ্নীতি, শিক্ষিত নিবনুৱাৰ হা-হুতাশ আৰু ক্ষোভৰ চিত্ৰ এখন পৰিস্ফুট হৈ পৰিছিল। সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত বহুকেইজন প্ৰতিভাশালী পৰিচালকৰ আবিৰ্ভাৱ হৈছিল। উক্ত দশকটোত যিকেইখন অৰ্থবহ অসমীয়া ছবিৰ নিৰ্মাণ হৈছিল, তাৰ ভিতৰত বৃষ্টি অন্যতম। এই ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চলচ্চিত্ৰ অভিনয়ৰ পাতনি মেলিছিল। ইয়াত তেওঁ এজন শিক্ষিত-নিবনুৱা খঙাল যুৱকৰ অভিনয় কৰিছিল।১২৩৪
অভিনয়-শিল্পী
- বিজু ফুকন
- বিষ্ণু খাৰঘৰীয়া
- ইলা কাকতি
- দেউতি বৰুৱা
- ৰুদ্ৰ গোস্বামী১
সংগীত
'বৃষ্টি'ৰ সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। গীত লিখিছে ভূপেন হাজৰিকাই। কণ্ঠ জয়ন্ত হাজৰিকা, কুল বৰুৱা আৰু নিৰ্মলা মিশ্ৰৰ।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bristiː Deuti Barua. indiancine.ma
- ↑ Encyclopedia of Indian Cinema. British Film Institute
- ↑ অসমীয়া চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰা. xahity.org
- ↑ Bristi (1974). Internet Movie Database
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 213
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃষ্টি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৫৭ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।