ৰিচাং হৈছে ২০১২ চনৰ ১১ মে' তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। 'ৰুবী ভিজন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে পল্লৱী বৰুৱাই। বহুসংখ্যক অসমীয়া ভিচিডি ছবিৰ পৰিচালক মানস বৰুৱা পৰিচালিত এইখন প্ৰথম অসমীয়া বোলছবি। চলচ্চিত্ৰখনত বৰ্ণোৱা হৈছে এজন অনাথ যুৱকৰ ব্যতিক্ৰমী জীৱনশৈলী আৰু তেওঁৰ জীৱনলৈ অহা প্ৰেমৰ কাহিনী।১
অভিনয় শিল্পী
- দিগন্ত হাজৰিকা
- নিশিতা গোস্বামী
- ৰঞ্জিবলাল বৰুৱা
- পাকিজা বেগম
- মলয় পৱন
- বিদ্যুৎ চক্ৰৱৰ্তী
- পদ্মৰাগ গোস্বামী
- হীৰা নেওগ
- ৰাজেশ ভূঞা
সংগীত
ৰিচাঙৰ সংগীত পৰিচালক যতীন শৰ্মা (মাইনা) আৰু অনিৰুদ্ধ বৰুৱা। গীতৰ কথা দিগন্ত ভাৰতীৰ। ছবিখনৰ শীৰ্ষক গীতটোত কণ্ঠ দিছে নাইজেৰিয়ান শিল্পী বব অমেল'ই।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাং (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৬১১৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।