জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা। পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই। ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।১
অভিনয়ত
- বিভাষ চক্ৰৱৰ্তী
- নিপন গোস্বামী
- মৃদুলা বৰুৱা
- চেতনা দাস
- টিনা বাৰ্লা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে য'ত উল্লেখ কৰা হৈছিল। গীতসমূহত জুবিন গাৰ্গ, শান, অৰ্ণব ভট্টাচাৰ্য, কৃষ্ণমনি নাথ, জংকী বৰঠাকুৰ, পাপৰী শৰ্মা, ববিতা শৰ্মা, শাশ্বতী ফুকন, ভিতালী দাস, কাশ্মীৰী শইকীয়া, গোৱাৰ উপৰিও সেইসময়ৰ বলিউদৰ শীৰ্ষস্থানীয় গায়িকা পামেলা জৈন আৰু সাগৰিকা মুখাৰ্জীও গাইছিল।
টোকাসমূহ
- ট্ৰেক ৯ যতীন শৰ্মাই ৰচনা কৰিছিল।
- ট্ৰেক ৮, ৯ আৰু ১০ হৈছে "বোনাচ ট্ৰেক" আৰু বোলছবিখনত প্ৰদৰ্শিত হোৱা নাছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাকী মন” প্ৰবন্ধৰ সংশোধন ৪০৭৯৮৭ (২৬ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।