অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লখিমী (চলচ্চিত্ৰ)

লখিমী (Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ। ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২২ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

লখিমী (Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ।১ ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল। 'কানামাছি' নামেৰে বঙালী ছবি এখন পৰিচালনা কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল।২

কাহিনী

মধু মাষ্টৰৰ আদৰৰ বোৱাৰী লখিমীক কেন্দ্ৰ কৰি গাঁৱলীয়া সহজ-সৰল জীৱনৰ হাঁহি-কান্দোনৰ অপৰূপ ছবি বোলছবিখনৰ মাজেৰে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে।২ বিয়াৰ পিছতে স্বামীহাৰা হোৱা লখিমীয়ে দেওৰেক মাতৃহীন ভৱনাথ আৰু শহুৰেক মধু মাষ্টৰক মৰম আৰু পৰিচৰ্যাৰে উপচাই দিলে। সেইবাবেই লখিমীৰ প্ৰতি ঈৰ্ষাতুৰ হৈ পৰিল মধু মাষ্টৰৰ দ্বিতীয় পক্ষৰ স্ত্ৰী, অৰ্থাৎ লখিমীৰ মাহীশাহু। মাহীশাহুৱেকে চক্ৰান্ত কৰি লখিমীৰ সৈতে ভৱনাথৰ অবৈধ সম্পৰ্ক আছে বুলি ৰটনা কৰিলে। ঘটনা ইমানলৈ পালে যে তেওঁ মাকৰ ঘৰলৈ গুচি আহিবলগীয়া হ'ল। ভৱনাথ পিছদিনাই বৌৱেকক ঘূৰাই আনিব গ'ল। কিন্তু তেওঁ উভতি নাহিল। আনহাতে ভৱনাথৰ সৰুকালৰে লগৰী বকুলীয়েও মাহীশাহুৱেৰ চক্ৰান্তত ভৱনাথৰ পৰা আঁতৰি আহিল। লখিমী মাকৰ ঘৰতে টান নৰীয়াত পৰিল।১ অৱশেষত মাহীশাহুৱেকৰ ভুলৰ অনুশোচনা হ'ল আৰু বোৱাৰীয়েকক আদৰি ল'লে। ভৱনাথেও মাতৃসম বৌয়েকক পুনৰ ঘূৰাই পালে।১

অভিনয় শিল্পী

সঙ্গীত

লখিমীৰ সঙ্গীত পৰিচালনা কৰিছে ব্ৰজেন বৰুৱাই। গীত লিখিছে কেশৱ মহন্তই।৩

তথ্যসূত্ৰ

  1. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী
  2. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৪, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  3. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৫৭). বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখিমী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৩৯৯৩৭ (৭ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।