অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়া নাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়া, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ, দেহ বিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহো-হো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য।১ এইসমূহ লোকগীতৰ ৰচনাকাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে।
শ্ৰেণীবিভাজন
অসমৰ লোকগীত সমূহৰ শ্ৰেণীবিভাজন তলত উল্লেখ কৰা হ’ল:—
- অনুষ্ঠানমূলক:(ক) ভক্তিমূলক (খ) ধৰ্ম নিৰপেক্ষ।
- আখ্যানমূলক:(ক) কিংবদন্তি (খ) বুৰঞ্জীমূলক।
- ধৰ্মবিষয়ক: তত্ত্বমূলক।
বাহ্যিক সংযোগ
- assamesesongs.org, a pay-site with popular music from Assam.
- Rupaliparda.com, a free resource for current happenings in assamese entertainment world.
তথ্যসূত্ৰ
- ↑ সূৰ্য্য বৰা. (২৪ ছেপ্তেম্বৰ ২০২০). অসমীয়া লোকগীত: এক চমু আলোকপাত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ লোকগীত” প্ৰবন্ধৰ সংশোধন ৪১৬৬০৬ (১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।