ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ চলচ্চিত্ৰ বিষয়ক উপগ্ৰহৰ দ্বাৰা পৰিচালিত টিভি চেনেল।১ এই টিভি চেনেলত অসমীয়া, বাংলা, হিন্দী আৰু আন আন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ আৰু চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়।
চলচ্চিত্ৰৰ লগতে ইয়াত অসমীয়া, বাংলা, হিন্দী আৰু আন আন আঞ্চলিক ভাষাৰ গীতো প্ৰদৰ্শন কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯৩ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।