ভগা খিৰিকী (Broken Window) জাহ্নু বৰুৱা পৰিচালিত ২০১৮ৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এখন অসমৰ চলচ্চিত্ৰ। প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলমে। সঙ্গীত ইবচনলাল বৰুৱাৰ। এই চলচ্চিত্ৰখনেৰে ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা দ্বিতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ উদ্ধোধন কৰা হ’ব।১ ২
অভিনয়ত
- জেৰিফা ৱাহিদ
- সীমা বিশ্বাস
- জয় কাশ্যপ
- সঞ্জয় খাৰঘৰীয়া
- কাস্বী শৰ্মা
- মহম্মদ আলি শ্বাহ
- বিষ্ণু খাৰঘৰীয়া
কলা-কুশলী
- সঙ্গীত আৰু ৰচনা- ইবচন লাল বৰুৱা
- কণ্ঠ- অনিন্দিতা পাল
- কলা নিৰ্দেশনা- ফটিক বৰুৱা
- কাৰ্যবাহী প্ৰযোজক- শৰতাজ আলম
প্ৰযোজনা আৰু বিকাশ
২০১৭ত শ্বাহনাব আলমৰ প্ৰযোজনাত 'ভগা খিৰিকী' ষ্টুডিঅ'ৰ মাজিয়া পায়। পিছলৈ প্ৰিয়ংকা চোপ্ৰাই ছবিখনৰ বিষয়ে জানিব পাই ইয়াত ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে। প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ মাতৃ মধু চোপ্ৰা মালিকানাধীন পাৰ্প'ল পেবল পিকচাৰ্ছ আৰু শ্বাহনাব আলমৰ ইষ্টাৰ্লি এণ্টাৰটেইনমেণ্টে যৌথভাবে ছবিখনৰ প্ৰযোজনা কৰে। প্ৰায় ৩.৫ কোটি টকাৰে ভগা খিৰিকী নিৰ্মাণ কৰা হয়।৩১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগা খিৰিকী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮৩৬৫ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।