পঞ্চায়ত হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ হাস্যৰস আৰু নাটকীয় উপাদানেৰে সমৃদ্ধ ৱেবছিৰিজ।ৱেবছিৰিজখন The Viral Fever ৰ দ্বাৰা Amazon Prime Video ৰ বাবে তৈয়াৰ কৰা হৈছে। চন্দন কুমাৰৰ চিত্ৰনাট্যত নিৰ্মিত এই ধাৰাবাহিকখনৰ পৰিচালনা কৰিছিল দীপক কুমাৰ মিশ্ৰ, য’ত অভিনয় কৰিছে জিতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, বিশ্বপতি সৰকাৰ আৰু চন্দন ৰায়। ইয়াত উন্নত চাকৰিৰ বিকল্পৰ অভাৱত উত্তৰ প্ৰদেশৰ এখন দুৰ্গম গাঁও ফুলেৰাত গাঁও পঞ্চায়ত সচিব হিচাপে যোগদান কৰা এজন অভিযান্ত্ৰিক স্নাতকৰ জীৱন প্রতিফলিত হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৩২৫৯০১ (১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।