অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল দাস, ইত্যাদি। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি। ইয়াৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল পঙ্কজ জ্যোতি ভূঞাই।
অভিনয়ত
- মুনমী ফুকন - অনুৰাধা
- জুবিন গাৰ্গ - অনিৰুদ্ধ
- উৎপল দাস - সমীৰ
- জুবলী বৰুৱা - মৌচুমী
- নীল দাস - উৎপল
সংগীত
ধাৰাবাহিকখনৰ শীৰ্ষক সংগীতো দিয়ে জুবিন গাৰ্গে। "অনুৰাধা" শীৰ্ষক এই গীতটোৱ শ্ৰোতাৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পাছত গীতটো জুবিন গাৰ্গৰ এলবাম বাঁহীত অন্তৰ্ভূক্ত কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৬৯ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।