অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধুমুহা (চলচ্চিত্ৰ)

ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৩ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।১২

কাহিনী

কাহিনীৰ আৰম্ভণি ১৯৪২ চনৰ জুন মাহ। চৌপাশে ২য় বিশ্বযুদ্ভৰ দাৱানল। প্ৰবল বেগে জাপানী সেনাবাহিনী আগবাঢ়ি আহিছে ব্ৰহ্মদেশ অভিমুখে। সেইদেশত বাস কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় ভগনীয়াৰ বেশে অসম অভিমুখে পলায়ন কৰে। সেই ভগনীয়াৰ মাজতে আছিল অসমীয়া ব্যৱসায়ী বিশ্বেশ্বৰ চৌধুৰী।১

চৌধুৰী পৰিয়ালৰ পাঁচজন সদস্য- পত্নী আৰু তিনিটা সন্তান- বাৰবছৰীয়া প্ৰদীপ,পাঁচবছৰীয়া নীনা আৰু দেৰবছৰীয়া পোনা। লগত আছে বিশ্বাসী লগুৱা মঙ্গলা। দিনৰ পিচত দিন দুৰ্গম পথেৰে যাত্ৰা। ভৰিত নগা ঘাঁ হোৱা মঙ্গলা আৰু তাৰ কোঁচত দেৰ বছৰীয়া পোনা পিছ পৰি যায় আৰু চৌধুৰী পৰিয়ালৰ বাকীসকলক বিচাৰি নাপায়। ভোকে-লঘোনে কাতৰ পোনাৰ বাবে এমুঠি আহাৰ, অলপ গাখীৰ বিচাৰি মঙ্গলাই হাবাথুৰি খায়। সেইবাটেৰে আহি আছিল ব্ৰহ্মদেশৰ তেলখাদত কাম কৰা ভৰত আৰু তেওঁৰ পত্নী পদুমী। নিসন্তান পদুমীয়ে কেঁচুৱাটো বুকুত সাৱতি লয়। মঙ্গলাই তেওঁলোকক কেঁচুৱাটোৰ প্ৰকৃত পৰিচয় নজনায়। ভৰত-পদুমীয়ে কেঁচুৱাটো নিজৰ ঘৰলৈ গৈ যায় আৰু মাণিক নাম দিয়ে।২

মাণিক দহবছৰীয়া হ'ল। ইয়ালে ভৰতৰ অৱস্থা দিনক দিনে পৰি আহিল। বিভিন্ন ৰোগ-ব্যাধিয়ে তেওঁক জৰাজীৰ্ণ কৰিলে। দৈৱৰ বিপাকত মাণিক গৈ বিশ্বেশ্বৰ চৌধুৰীৰ ঘৰত চাকৰ খাটিবলগীয়া হ'ল। ইফালে পোনাক বিচাৰি বিশ্বেশ্বৰ শইকীয়াই এটা বিজ্ঞাপন দিছিল। ঘটনাক্ৰমে চাগু বান্ধি অনা কাগজত পদুমীয়ে বিজ্ঞাপনটো দেখি বাউলি হৈ পৰিল। চৌধুৰীৰ ঘৰৰ পৰা মাণিকক লৈ আহিবলৈ চৌধুৰীহঁতে বাস কৰা চহৰখনলৈ পদুমীয়ে যাত্ৰা কৰিলে। ইফালে মাণিকেও সেইদিনা মাকলৈ মনত পৰাত গাঁৱৰ ঘৰলৈ গুছি আহিছে। সেইদিনাই ৰাতি প্ৰচণ্ড ধুমুহা আহিল। ধুমুহাত ঘূণেধৰা পজাঘৰটো বেমাৰী ভৰতৰ গাত ভাঙি পৰাত তেওঁৰ মৃত্যু হ'ল।২

চহৰৰে এঘৰত ৰাতিটো কটাই পদুমী চৌধুৰীহঁতৰ ঘৰলৈ গ'ল। পদুমীক দেখিয়ে মঙ্গলাই চিনি পালে আৰু কেঁচুৱাটো কি কৰিলে সুধিলে। পদুমীৰ মুখৰ পৰা সকলোৱে জানিব পাৰিলে যে পোনা বা মাণিক যিখন ঘৰৰ কনিষ্ঠ সন্তান, সেইখন ঘৰতে সি চাকৰি খাটিছেহি!২

কলা-কুশলী

(তথ্যচকত নথকা)

  • সহকাৰী পৰিচালক- অমলেন্দু বাগচী, হিতেশ্বৰ মহন্ত
  • শব্দগ্ৰহণ- বাণী দত্ত, ঋষিকেশ মুখাৰ্জী
  • দৃশ্য পৰিকল্পনা- বিজয় বসু১২

অভিনয় শিল্পী

  • ফণী শৰ্মা
  • তুলসী দাস
  • চন্দ্ৰধৰ গোস্বামী
  • চামচুল হুদা
  • তৰুণ দুৱৰা
  • ভূপেন হাজৰিকা
  • কুলেন গোস্বামী
  • অমলেন্দু বাগচী
  • স্মৃতিৰেখা
  • ৰূপলেখা
  • বিজয়া
  • অনুশীলা
  • শুক্লা দাস
  • বিষ্ণু লেখাৰু (শিশুশিল্পী)
  • ৰঞ্জনা বৰা (শিশুশিল্পী)
  • সপোনটি মইনা ওৰফে শ্ৰীমন্ত আগৰৱালা (শিশুশিল্পী)১

সঙ্গীত

ধুমুহাৰ সঙ্গীত পৰিচালক আৰু গীতিকাৰ আছিল ভূপেন হাজৰিকা। গাইছিল ভূপেন হাজৰিকা, গায়ত্ৰী দেৱী আৰু মণ্টু ঘোষে।৩

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১এ নৰমনিষ যাবই লাগিব তই, চকুলো মচি থৈ সবাৰো ভৰষা এৰিভূপেন হাজৰিকাভূপেন হাজৰিকা
২পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ'ল,মাছকে মাৰিবলৈ নালাগে যাবলৈ ধুমুহা আহিবৰ হ'লভূপেন হাজৰিকাভূপেন হাজৰিকা, গায়ত্ৰী দেৱী
৩কাকনো সুঁৱৰি কিনো বিচাৰি খাৱ তই হাবাথুৰিভূপেন হাজৰিকাভূপেন হাজৰিকা
৪ধুনীয়া ৰঙৰ নতুন পাহিৰ তুমি মোৰ পদূলিৰ কেতেকী ফুলভূপেন হাজৰিকামণ্টু ঘোষ, গায়ত্ৰী দেৱী
৫সোণৰ কাঠিৰ পৰশ পোৱা আলফুলিয়া হাতেৰে কোনেনো ধূলিক সাৱতি লয়ভূপেন হাজৰিকাভূপেন হাজৰিকা

তথ্যসূত্ৰ

  1. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৫, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  2. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৮০). শশী শিশু প্ৰকাশন, গুৱাহাটী
  3. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃ. ৫৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুমুহা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৯৪১৫ (২৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।