কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
কাহিনী
১৯৪২ চনত ব্ৰিটিছৰ শাসনকালত অসমৰ গোলাঘাট জিলাৰ এখন সৰু ঠাই সৰুপথাৰৰ কংগ্ৰেছ গোটে মোহনদাস কৰমচান্দ গান্ধীৰ কৰেংগে য়া মৰেংগে আহ্বানৰ ভুল অৰ্থ বুজি মহাত্মাৰ অহিংস নীতিৰ উলংঘা কৰি ব্ৰিটিছ সৈন্য আৰু সা-সামগ্ৰী কঢ়িয়াই নিয়া এখন ৰে'লগাড়ী পথচ্যুত কৰি দুৰ্ঘটনাত পতিত কৰিবলৈ সিদ্ধান্ত লয়। কংগ্ৰেছৰ সৰুপথাৰ গোটৰ সভাপতি কুশল কোঁৱৰে (সঞ্জীৱ সভাপণ্ডিত) এই সিদ্ধান্তৰ বিৰোধিতা কৰে যদিও তেওঁ বিফল হয়, আৰু ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছত স্বদেশৰ খাতিৰতে তেওঁ দুৰ্ঘটনাৰ সম্পূৰ্ণ নৈতিক দায়িত্ব স্বীকাৰ কৰে। জিলাৰ মুখ্য ব্ৰিটিছ বিষয়া চি. এ. হাম্ফ্ৰীয়ে (গেৰী ৰিচাৰ্ডচন) এই দুৰ্ঘটনাৰ দোষী হিচাপে এজন গুৰুত্বপূৰ্ণ ব্যক্তি বিচাৰিছিল। কুশল ইয়াৰ সুযোগ্য প্ৰাৰ্থী আছিল, কিয়নো কুশলৰ এজন সৎ লোক হিচাপে খ্যাতি থকাৰ উপৰিও তেওঁ এক ক্ষমতাসম্পন্ন ৰাজবংশৰ উত্তৰাধিকাৰীও আছিল। ১৯৪৩ চনত কুশলক ফাঁচী দিয়া হয়১।
অভিনয়-শিল্পী
- সঞ্জীৱ সভাপণ্ডিত (চৰিত্ৰ - কুশল কোঁৱৰ)১
- গেৰী ৰিচাৰ্ডচন (চৰিত্ৰ - চি. এ. হাম্ফ্ৰী)১
- বীণা পটংগীয়া
- দীনেশ দাস
- পৃথ্বীৰাজ ৰাভা
- অনুপ হাজৰিকা
- ভিক্টৰ ডেভিদ চেচুন
- চাকিৰ হাজৰিকা
- প'ল কাৰ্লিন
- ফিলিপ্স বসু
নিৰ্মাণ
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বোলছবিখন প্ৰযোজনা কৰে। ১৯৮৪ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই কাম হাতত লৈ জাহ্নু বৰুৱাক পৰিচালনাৰ দায়িত্ব দিয়ে১। বৰুৱাই তেতিয়ালৈ মাত্ৰ তেওঁৰ প্ৰথমখন বোলছবি অপৰূপাহে পৰিচালনা কৰিছিল। কিন্তু তেতিয়াই কংগ্ৰেছ চৰকাৰে শাসন হেৰুৱায় আৰু এই প্ৰকল্প থমকি ৰয়। পুনৰ নব্বৈৰ দশকৰ প্ৰথমভাগত ৬০ লাখ টকাৰ বাজেটৰ এই প্ৰকল্প আৰম্ভ হয়। বৰুৱাই নিজে কোৱামতে তেওঁ বোলছবিখন নিৰ্মাণত মুঠ ছয় বছৰ কাম কৰে, ইয়াৰে পাঁচ বছৰ গৱেষণাত আৰু এক বছৰ শ্বুটিঙত। কম বাজেটৰ হোৱা বাবে ৰেল লাইন বিচ্ছিন্ন কৰাৰ দৃশ্য বোলছবিখনত নাই১।
পুৰস্কাৰ/সন্মান
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৯৮ - অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ
- ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
- ৬৪ তম ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা লণ্ডনৰ নেহৰু চেণ্টাৰত প্ৰদৰ্শিত
- চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় কেৰালা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ১৯৯৯২
- ৪০তম পেৰিছ শীত মহোৎসৱত প্ৰদৰ্শিত, ২০১১৩
তথ্যসূত্ৰ
- ↑ Saibal Chatterjee. (১৬ নৱেম্বৰ, ১৯৯৮). Recalling A Moment - Jahnu Barua's 'Kuhkhal' pays a moving tribute to a forgotten hero. Outlook
- ↑ Kuhkhal. MTV
- ↑ (২৫ জুন, ২০১১). Retrospectives of Barua, Adoor Gopalakrishnan. Box Office India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুশল” প্ৰবন্ধৰ সংশোধন ৬৩৬৯২৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।