অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফিৰিঙতি (চলচ্চিত্ৰ)

ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে।১২ চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

কাহিনী

বোলছবিখনৰ কাহিনী ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ প্ৰাক-ক্ষণৰ। ঋতু (মলয়া গোস্বামী) এগৰাকী বিধৱা শিক্ষয়িত্ৰী। কৰঙা নামৰ অসমৰ এখন সৰু গাঁৱৰ বিদ্যালয়ত তেওঁৰ নিযুক্তি হয়। গাঁওখনলৈ গৈ তেওঁ গম পায় যে যোৱা ১১ বছৰ ধৰি গাঁওখনত কোনো বিদ্যালয় নায়েই। ১১ বছৰ আগতে তাৰ বিদ্যালয়খন জুইত জাহ গ'ল। কিন্তু তেওঁ গাঁৱৰ মানুহবোৰৰ পৰা গম পায় যে বিদ্যালয়খনত নিযুক্ত হৈ থকা শিক্ষকজনে কেইদিনমানৰ আগতেহে চাকৰিৰপৰা অৱসৰ লাভ কৰি বৰ্তমান পেঞ্চন লোৱা আৰম্ভ কৰিছে।১২

স্বামীৰ মৃত্যুৰ পাছত প্ৰধানকৈ হতাশাৰ পৰা হাত সাৰিবলৈহে ঋতুৱে শিক্ষকতাৰ বৃত্তিত যোগ দিছিল। এইবাৰ তেওঁ বিদ্যালয়খন পুনৰ সাজি উলিওৱাৰ প্ৰত্যাহ্বান লয়। যেতিয়া তেওঁ গাঁৱৰ মানুহবিলাকৰ লগত এই বিষয়ে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে, গাঁওবাসীসকলৰ মনত তেওঁ প্ৰথমে সন্দেহ, তাৰ পাছত আগ্ৰহ আৰু শেষত উৎসুকতা দেখা পায়। গাঁৱৰে এজোপা ডাঙৰ গছৰ তলত বিদ্যালয়খনৰ কাম-কাজ আৰম্ভ হয়। গাঁৱৰ আবাসীসকলে গাইপতি দুটাকৈ বাঁহৰ খুঁটা দি, কোনোৱে ঘৰৰ চাল সাজি দি আৰু কোনোৱে কেইঘণ্টামানৰ শ্ৰমদান দি অৱশেষত নতুন বিদ্যালয় গৃহ এটা সাজি উলিয়ায়।২

এদিন টাউন হললৈ যাওঁতে তেওঁ চীন-ভাৰতৰ যুদ্ধৰ কথা শুনা পায়। ঘূৰি আহি তেওঁ পুৰণা ৰেডিঅ' এটা ভাল কৰি উলিয়ায়। বাহিৰৰ জগতৰ খবৰ-বাতৰি গোটেই গাঁৱতে বিয়পিবলৈ ধৰে। এনেতে এজন লোকে চহৰত চাকৰি হেৰুৱাই গাঁৱলৈ ঘূৰি আহি বিদ্যালয়খন কাঢ়ি ল'ব বিচাৰে। ঋতুৱে সকলো ভাবুকি আৰু শাৰীৰিক অত্যাচাৰৰ বিৰুদ্ধে সাহসেৰে সন্মুখীন হোৱাত মানুহজনে তেওঁৰ বন্ধুবৰ্গৰ সৈতে মিলি বিদ্যালয়গৃহত অগ্নিসংযোগ কৰে। শেষত গাঁওবাসীসকলে ঋতুক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে এই বিদ্যালয়গৃহ পুনৰ নিৰ্মাণ কৰি উলিয়াব আৰু কোনো জুইকে জ্ঞানৰ ফিৰিঙতিক আকৌ নিৰ্বাপন কৰিবলৈ দিয়া নহ'ব।১২

অভিনয়ত

কলা-কুশলী

  • পৰিচালনা/চিত্ৰনাট্য: জাহ্নু বৰুৱা
  • চিত্ৰগ্ৰহণ: অনুপ জোটৱানী
  • সম্পাদনা: হিউৱেন বৰুৱা, ৰঞ্জিত দাস
  • সংগীত: সত্য বৰুৱা২

বঁটা

৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯১)

  • দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)
  • শ্ৰেষ্ঠ অভিনেত্ৰী- মলয়া গোস্বামী (ৰজত কমল)

তথ্যসূত্ৰ

  1. ↑ Jahnu Barua Retrospective - Film Festival
  2. ↑ Jahnu Barua. Chaosmag
  3. ↑ Firingoti (1992). IMDB

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৯১ বৰ্ষৰ চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিৰিঙতি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮৩৫০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।