অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমৰ চলচ্চিত্ৰ১। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড° শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল 'প্ৰহৰী'; ৰচনা কাল ১৯৬০ চন। ছবিখনত কোনো গীত নাছিল। তেখেতে পৰিচালনাৰ উপৰিও ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপো ৰচনা কৰিছিল। প্ৰযোজক আছিল তেখেতৰ পত্নী প্ৰীতি শইকীয়া। অনিৰ্বাণে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰিছিল১।
পুৰস্কাৰ
১৯৮১ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।
অভিনয়ত
- ভোলা কটকী,
- ৰুণু গোস্বামী,
- সংগীতা শইকীয়া
- আনন্দ মোহন ভাগৱতী
- উৎপল চক্ৰৱৰ্তী
- হেমন্ত দত্ত
- বিদ্যুত চক্ৰৱৰ্তী
- ববিতা শৰ্মা
- কামিনী বৰুৱা
- ৰীতু দাস
- অনন্ত গগৈ
- ঈশান বৰুৱা
- চিৰন্তন হাজৰিকা
কলা-কুশলী
(তথ্যপেৰাত উল্লেখ নথকা)
- কাৰিকৰী সহকাৰী: অৰুণ গুহ ঠাকুৰতা
- সহকাৰী পৰিচালক: গুণসিন্ধু হাজৰিকা, মাণিক বৰা
- শব্দযন্ত্ৰী: পীযুষ কান্তি ৰয়
- ৰূপসজ্জা: দেবী হালদাৰ
তথ্যসূত্ৰ
- ↑ Bhabendra Nath Saikia's films, আহৰণ ১৮.১১.২০১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিৰ্বাণ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৮৮৭ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।