অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দোতোৰা

দোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। সাধাৰণতে ইয়াত দুডাল গুণা লগোৱা থাকে বাবে ইয়াক দোতাৰা বোলে যদিও ইয়াৰ চাৰিডাল বা পাঁচডাল গুণা থকাও দেখা যায়। দক্ষিণ এছিয়া দোতাৰাৰ উৎপত্তিস্থল।

হালনাগাদ: ১ ফেব্ৰুৱাৰী ২০২৫ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। সাধাৰণতে ইয়াত দুডাল গুণা লগোৱা থাকে বাবে ইয়াক দোতাৰা বোলে যদিও ইয়াৰ চাৰিডাল বা পাঁচডাল গুণা থকাও দেখা যায়। দক্ষিণ এছিয়া দোতাৰাৰ উৎপত্তিস্থল। পূব ভাৰতৰ অসম, বিহাৰ, পশ্চিমবংগ, ওড়িশা আৰু বাংলাদেশত বহুলভাৱে প্ৰচলিত। চতুৰ্দশ শতিকাৰ কবি মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণত দোতোৰাৰ বৰ্ণনা পোৱা গৈছে। অসমৰ কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, কুশান নৃত্য আদিৰ লগতে বংগত প্ৰচলিত ফকীৰ সকলে পৰিবেশন কৰা বাউল সংগীত মুখ্য বাদ্য হৈছে দোতোৰা।১

নামৰ উৎপত্তি

দোতাৰা বা দোতোৰা নাম ইয়াত ব্যৱহৃত দুডাল গুণাৰ পৰা আহিছে। ইয়াত ঘাইকৈ দুডাল গুণা থাকে যদিও চাৰিডাল বা পাঁচডাল গুণাযুক্ত দোতোৰাও দেখা যায়। ইয়াৰ মাজৰ দুডাল গুণা একে সাংগীতিক স্বৰত বন্ধা হয় সেয়ে ইয়াক দোতোৰা বোলা হয়।

ইতিহাস

চতুৰ্দশ শতিকাৰ কবি মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণত দোতোৰাৰ বৰ্ণনা পোৱা গৈছে। তেওঁৰ ৰামায়ণত দোতোৰাৰ লগতে মাদল, তবলা আদিৰো বৰ্ণনা পোৱা গৈছে।২

তথ্যসূত্ৰ

  1. ↑ Dotara. indianculture.gov.in
  2. ↑ Suresh Kant Sharma; Usha Sharma. (2015). Discovery of North-East India. Mittal Publications. পৃ. 288. ISBN 978-81-8324-039-0

সম্পৰ্কিত শ্ৰেণী

অসমৰ বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোতোৰা” প্ৰবন্ধৰ সংশোধন ৪৬৭৬৮৫ (১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।